বহাগৰ গীত
মনোৰঞ্জন কুলি
বহাগ এটি মাথোঁ ঋতু নহয়
বহাগ মানে এক আনন্দময়ৰ দিন
বহাগ মানে যৌৱনা পৃথিৱী
বহাগ মানে বাধাহীন প্ৰেমৰ দল!
বহাগ মানে জংকি-পানৈ
বহাগ মানে নেমানে জাতি-কুল
বহাগ মানে বিহুৱান
বহাগ মানে ঐক্য!
বহাগ মানে নহয়
তই মিচিং মই অনামিচিং
হিন্দু-মুছলমান
বহাগে নেমানে জাতি-ধৰ্ম-বৰ্ণ
বহাগে মানে আমি অসমীয়া
মাথোঁ আমি অসমীয়া
জীৱনে মৰণে চিৰদিন চিৰকাল।