ভাষা প্ৰয়োগৰ কলা-কৌশল/BA/Bsc/Bcom 1st sem Assamese/CBCS Dibrugarh University
শব্দ :-কনফুছিয়াছৰ মতে এটা মাত্ৰ শব্দই মানুহক জ্ঞানী প্রতিপন্ন কৰিব পাৰে আৰু ঠিক তাৰ বিপৰীতে একোটা শব্দৰ প্রয়োগে মানুহক মূর্খ প্রতিপন্নও কৰিব পাৰে। শব্দ ভাষাৰ প্রাথমিক প্রতীক। এই ৰূপত শব্দ ভাষিক যোগাযোগৰ মূল সম্বল। সেয়েহে যোগাযোগকাৰী মাত্রেই নিজৰ শব্দ-ভাণ্ডাৰ (vocabulary) সমৃদ্ধ কৰাৰ দিশত বিশেষ মনোযোগ দিব লাগে। সাবলীল লেখন আৰু কথনৰ বাবে সমৃদ্ধ শব্দভাণ্ডাৰ হ'ল প্ৰথম চৰ্ত আমাৰ প্ৰত্যেকৰে নিজা নিজা শব্দভাণ্ডাৰ আছে। এই শব্দভাণ্ডাৰক আমি দুভাগত ভাগ কৰি চাব পাৰোঁ। সক্রিয় (active) আৰু নিষ্ক্রিয় (passive)। যিবিলাক শব্দ সম্পৰ্কত আমাৰ সম্পূৰ্ণ জ্ঞান থাকে আৰু সেই কারণে দ্বিধাহীনভাৱে, পূর্ণ আত্মবিশ্বাসেৰে আমি কথন আৰু লেখনত প্ৰয়োগ কৰোঁ, সেইবিলাকেই আমাৰ বাবে সক্রিয় শব্দ। অন্য কিছুমান শব্দ আমি হয়তো আনে ব্যৱহাৰ কৰা পাইছোঁ আৰু আনে ব্যৱহাৰ কৰিলে আমি ভালকৈয়ে বুজি পাওঁ যদিও নিজে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ কিছু খোকোজা লাগিব যেন বোধ হয়, সেইবিলাক আমার ব্যক্তিগত শব্দভাণ্ডাৰৰ নিষ্ক্রিয় শব্দ। এনেবিলাক শব্দ হাততে থাকিলেও আমি সময়ত ব্যৱহাৰ কৰাৰ পূৰ্ণ সামর্থ্য লাভ কৰিব নোৱাৰোঁ। গতিকে আমাৰ শব্দভাণ্ডাৰৰ নিষ্ক্রিয় শব্দসমূহ সক্রিয় পর্যায়লৈ আনি আমি আমার সামগ্রিক শব্দভাণ্ডাৰ সমৃদ্ধ আৰু উন্নত কৰিব পাৰোঁ। শব্দটোৰ ব্যুৎপত্তি (etymology), ব্যৱহাৰ আৰু ব্যাকৰণ সম্পৰ্কীয় (বিশেষ্য, বিশেষণ আদি ধৰণৰ) পৰিচিতি, তাৰ শুদ্ধ উচ্চাৰণৰ লগতে কেনে পৰিবেশ-পৰিস্থিতিত তাৰ প্ৰয়োগ হয় অথবা নহয়— এনেবিলাক কথা জানি লৈ শব্দটোক সক্রিয় শব্দভাণ্ডাৰৰ অন্তৰ্ভুক্ত কৰি পেলাব পাৰি। অর্থাৎ নিঃসংকোচে শুদ্ধ ৰূপত ব্যৱহাৰ কৰাৰ যোগ্যতা অর্জন কৰিব পাৰি। অভিধান নিশ্চিতভাৱেই এই কার্যৰ প্ৰধান সহায়কৰ ভূমিকাত অৱতীৰ্ণ হ'ব পাৰে। কিন্তু বিভিন্নধৰণৰ বিষয়ক নিজৰ পঠনসীমাৰ ভিতৰত অধিকাধিকভাবে সামৰি লোৱা তথা বিভিন্ন বিষয়ৰ আলাপ-আলোচনা আদিত দর্শক-শ্রোতাৰ ৰূপত উপস্থিত থকা কার্যই নিঃসন্দেহে এনে ক্ষেত্ৰত ব্যাৱহাৰিক জ্ঞান দিব পাৰে। স্থান কাল অনুসৰি একেটা শব্দৰে অৰ্থ তথা ব্যাৱহাৰিক উপযোগিতার হীন-ডেঢ়ি ঘটিব পাৰে। গতিকে শব্দভাণ্ডাৰৰ সমৃদ্ধিৰ ক্ষেত্ৰত পৰিবেশ-পৰিস্থিতি (context) অনুসৰি শব্দৰ অৰ্থ আৰু প্ৰয়োগ সম্পর্কীয় বিষয়ো জড়িত হৈ আছে।
বাক্য গাথঁনি :-যোগাযোগৰ প্ৰভাৱশীলতা বহু পৰিমাণে উপযুক্ত বাক্য গাঁথনিয়ে নির্ণয় কৰে। শব্দৰ নিৰ্বাচন তথা প্ৰয়োগৰ ক্ষেত্ৰত হোৱাৰ দৰেই বাক্য গাঁথনিৰ উপযুক্ততাও অৱশ্যে পাঠক-শ্রোতাৰ ধৰণৰ ওপৰত নিৰ্ভৰশীল। বক্তা বা লেখকে শ্রোতা বা পাঠকৰ শিক্ষা-দীক্ষা, সামাজিক-সাংস্কৃতিক পৃষ্ঠভূমি, লিংগ, বয়স, ৰুচি-অভিৰুচি, আশা-আকাংক্ষা, বুদ্ধি বৃত্তি আদিবিলাক চকুৰ আগত ৰাখি তথা প্ৰেৰণ কৰিবলৈ লোৱা বিষয়ৰ অনুকূলে বাক্য প্রস্তুত কৰি লোৱা প্ৰয়োজন।
বাক্য তৈয়াৰ কৰোঁতে মন কৰিব লগীয়া বিভিন্ন দিশৰ ভিতৰত বাক্যৰ সহজ বোধগম্যতাক প্রাথমিক দিশ বুলি ধৰা হয়। তাৰ কাৰণে সাধাৰণতে বাক্যৰ ক্ষুদ্ৰাকৃতিৰ কথা কোৱা হয়। একেটা বাক্যৰেই বহুত কথা ক'বলৈ গ'লে গ্ৰাহকৰ বুজাত খেলিমেলি লগাৰ সম্ভাৱনাৰ উপৰি বাক্যটোৰ জটিলতা তেওঁৰ বোজা যেন বোধ হ'বও পাবে। তেনে হ'লে বিষয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ কমিব আৰু পিছৰখিনি পঢ়িবলৈ বা শুনিবলৈকো তেওঁৰ উৎসুকতা কমি যাব পাবে। কথনৰ ক্ষেত্ৰত অৱশ্যে কুশলী বক্তাই কণ্ঠস্বৰ উঠা নমা কৰি, উপযুক্ত শৰীৰভাষা তথা বিবতি (pause) প্রয়োগেৰে দীঘল বাকাবো প্রভাবশালী ৰূপত উপস্থাপন কৰাৰ অৱকাশ থাকে। প্রভাবশালী যোগাযোগৰ ক্ষেত্ৰত সবল, চুটি বাক্যৰ পোষকতা কৰা মানে কিন্তু জটিল আৰু যৌগিক বাক্যৰ পূণতঃ বর্জন। কৰিব লাগে বুলি বুজিব নালাগে। সকলো প্ৰকাৰৰ বাক্যৰ মিশ্ৰণে কোনো এক কথন। বা লিখিত পাঠৰ অভিব্যক্তিশৈলীক বিচিত্ৰতা প্রদান কৰে। তদুপৰি, কেতিয়াবা কিছুমান ভাব-চিন্তার প্রভাবশালী উপস্থাপনৰ কাৰণে সুদীর্ঘ জটিল বাক্য প্রায় অনিবাম হৈ পৰে— "অৱশ্যে অধিকাংশ অসমীয়া মানুহৰ ঘৰত টি.ভি., ফ্রিজ, কম্পিউটাৰ হোৱা মানেই যে যথার্থ ৰূপত অসমৰ উন্নতি নহয়, সেয়া তেওঁলোকৰ ব্যক্তিগত উন্নতি হ'লে হ'ব পাৰে, সেই কথা মই শত-সহস্ৰবাৰ ক'ম আৰু কৈয়ে থাকিম, যেতিয়ালৈকে। অসমত শক্তি উৎপাদন পর্যাপ্ত নহয় আৰু বিজুলী যোগান নিয়মীয়া নহয়"—এনেধৰণৰ জটিল বাক্যৰ আগে-পিছে সংক্ষিপ্ত সৰল বাক্য ৰখাৰ যত্ন কৰিব লাগে। তেনে কৰিলে গ্রাহকব মনে দীঘল বাক্যটো বুজিবলৈ অলপ আজবি পায়।
প্রভাৱশালী যোগাযোগৰ উপযুক্ত বাক্য সম্পৰ্কে চিন্তা-চৰ্চা কৰা পণ্ডিতসকলে ২০টা শব্দেৰে গঠিত বাক্যক মধ্যমীয়া আকৃতিৰ তথা যোগাযোগৰ বাবে সৰ্বাধিক উপযুক্ত মান বুলি ক'ব খোজে। অপ্রয়োজনীয় বা তুলনামূলকভাবে কম প্রয়োজনীয় শব্দৰ সংখ্যা কমাই তথা দীঘল, জটিল বাক্য একোটা একাধিক বাক্যত বিভক্ত কৰি বাক্য সংক্ষিপ্ত আৰু সবল কৰিব পাৰি। শব্দ প্রয়োগৰ ক্ষেত্ৰত মিতব্যয়িতা অবলম্বনো বাক্য সংক্ষিপ্ত কৰাৰ এক কাৰ্যকৰী উপায়। বিভিন্ন বাক্যত প্রায়ক্ষেত্রতে কিছুমান শব্দ অনাবশ্যকভাবেই প্রয়োগ কৰা হয় আৰু অনেক ক্ষেত্ৰত দেখা যায় যে কেইবাটাও শব্দই লগ লাগি প্রকাশ কৰা অর্থ কেৱল এটা শব্দৰেও প্ৰকাশ কৰাৰ অৱকাশ আছিল। উদাহৰণ স্বৰূপে, “অভ্যর্থনা সমিতিৰ সভাপতি, সম্পাদক, বিভিন্ন বিষয়ববীয়া আৰু কর্মকর্তাসকলে সর্বসম্মতভাৱে বিশিষ্ট অতিথিৰ পদ অলংকৃত কৰিবৰ বাবে শ্রীবৰুৱাৰ নামটো প্ৰস্তাৱ কৰি তেখেতক আমন্ত্রণ জনাবলৈ স্থিৰ কৰে।”
এই দীঘলীয়া কথাখিনি তলত দিয়া ধৰণেৰেও ক'ব পাৰি— “অভ্যর্থনা সমিতিয়ে সর্বসম্মতভাবে শ্রীবরাক বিশিষ্ট অতিথি ৰূপে আমন্ত্রণ।
জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।”
সেইদৰে অন্য এটা উদাহরণ, — “মহোদয়ে অনুগ্রহ কৰি এই দুদিনৰ বাবে মোৰ নৈমিত্তিক ছুটী মঞ্জুৰ কৰিব বুলি একান্ত আশা কৰিলোঁ। এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি।” ইয়াত প্রথম বাক্যত ‘অনুগ্ৰহ কৰি' বুলি উল্লেখ কৰাৰ পিছত পুনৰ দ্বিতীয় বাক্যটোৰ প্ৰয়োজন নাই। প্রথমটো বাক্যও ‘মহোদয়ে অনুগ্ৰহ কৰি এই দুদিন মোৰ নৈমিত্তিক ছুটী মঞ্জুৰ কৰে যেন' বুলি বক্তব্য চমু কৰিব পাৰি। কেতিয়াবা আকৌ একেটা কথাকে ঘূৰাই পকাই কৈ থাকি অপ্রয়োজনীয়ভাৱে বাক্য দীঘল আৰু
বিৰক্তিকৰ কৰি পেলোৱা হয়— “এই বিষয়ত যদি কাৰোবাৰ মনত কোনোধৰণৰ শংকা আছে, দ্বিধা আছে, বা এইখিনি কথাতকৈ আৰু অধিক কিবা জানিব খোজে, তেনে আমাৰ প্ৰধান সম্পাদকৰ লগত যোগাযোগ কৰক”। এইখিনি কথা বুজাবলৈ “এই বিষয়ত অধিক জানিবৰ বাবে প্রধান সম্পাদকৰ লগত যোগাযোগ কৰক বাক্যটোৱেই যথেষ্ট।
একে অৰ্থৰ পুনৰাবৃত্তিয়েও বাক্য অবধা দীঘল করে– “বৰগোহাঞিৰ দুবছৰৰ আগত শইকীয়া সভাপতি হ'ল আৰু শইকীয়াৰ দুবছৰৰ পাছত বৰগোহাঞি সভাপতি হ'ল"।
বাক্যত শব্দসমূহৰ স্থান অনুসৰি শব্দৰ অৰ্থৰ গুৰুত্বৰ হ্রাস-বৃদ্ধি হয়। উদাহৰণ স্বরূপে, “বাইজৰ অৱস্থাৰ বুজ লোৱাৰ ক্ষেত্ৰত সভাব সভাপতি তথা চৰকাৰী বিষয়া থকা কালত তেওঁ বিশেষ গুরুত্ব দিছিল” আৰু “সভাৰ সভাপতি তথা চৰকাৰী বিষয়া হৈ থকা কালত তেখেতে ৰাইজৰ অৱস্থাৰ বুজ লোৱাৰ ক্ষেত্ৰত বিশেষ গুরুত্ব দিছিল”— এই দুটা বাক্যৰ প্ৰথমটোত ৰাইজৰ অৱস্থাৰ বুজ লোৱাৰ কথাটোৱে অধিক গুৰুত্ব পাইছে, কিন্তু দ্বিতীয়টো বাক্যত মানুহজনে সভাৰ সভাপতি তথা চৰকাৰী বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰা কথাটোৱে অধিক গুরুত্ব পাইছে। প্লেবকে বিশেষভাবে গুরুত্ব দিব খোজা কথাটো বাক্যৰ মাজত নাৰাখি আৰম্ভণি অথবা শেষত ৰখাই শ্রেয়। বাক্যত শব্দৰ ইফাল-সিফালে অৰ্থৰো ইফাল-সিফাল ঘটায়। উদাহৰণ স্বৰূপে,
তলৰ বাক্য দুটা চাব পাৰি—
১) মাত্র দুটকাত কিতাপখন পায়।
২) দুটকাত মাত্র কিতাপখন পায়।
শব্দসজ্জাৰ পৰিবৰ্তনে কেতিয়াবা অর্থব অনর্থ সাধন কৰিবও পারে অথবা অর্থ অস্পষ্ট কৰি তুলিব পাৰে। “আৰক্ষীয়ে সেনাৰ বেশত ডকাইতি কৰি ফুৰ দলটোলৈ গুলী চলাওঁতেই ঘটনাটো ঘটিল”— এই বাক্যটোৰ তলত দিয়া ধৰণেৰে তিনি প্ৰকাৰৰ অর্থ উলিয়াব পাৰি
ঘটনাটো ঘটিল।
ঘটনাটো ঘটিল।
১) আৰক্ষীয়ে/সেনাৰ বেশত ডকাইতি কৰি ফুৰা দলটোলৈ গুলী চলাওঁতেই ২) আৰক্ষীয়ে সেনাৰ বেশত/ডকাইতি কৰি ফুৰা দলটোলৈ গুলী চলাওঁতেই
৩) আৰক্ষীয়ে সেনাৰ বেশত ডকাইতি কৰি ফুৰা দলটোলৈ/গুলী চলাওঁতেই ঘটনাটো ঘটিল।
উৎস:- নীৰাজনা মহন্ত, যোগাযোগ কলা