ভাল লেখনৰ কৌশল আৰু ভাল লেখনৰ গুনাৱলী
ভাল লেখৰ কৌশল
(ক) সহজ-সবলভাবে লিখা কথাই তাৰ বক্তব্য অধিক ৰূপত স্পষ্ট কৰিব পাৰে। সকল শব্দ আৰু সবল বাক্যৰ ব্যৱহাৰৰ ক্ষেত্ৰতো একেটা কথাই প্রযোজ্য।
(খ) বিশেষ একোটা দলৰ বা জনসমূহৰ মাজত আমি কিছুমান নিজা শব্দ বা শব্দৰ সংক্ষিপ্ত ৰূপ (abbreviation) ব্যৱহাৰ কৰোঁ। উদাহৰণ স্বৰূপে, কমল শইকীয়া নামৰ শিক্ষকজনৰ কাৰণে তেওঁ কাম কৰা কলেজখনত ব্যৱহাৰ হোৱা এনে সংক্ষিপ্ত নামটো হ'ল— কে. এছ.। এনে সংক্ষিপ্ত প্রয়োগ কিন্তু সংশ্লিষ্ট দলটোৰ ভিতৰুৱাসকলৰ বাবে বিশেষ জনপ্রিয় তথা প্ৰভাৱশালী হ'লেও আনৰ বাবে দুর্বোধ্য তথা আমনিদায়ক হোৱাৰ সম্ভাৱনাই বেছি। বৃত্তি, বিষয় আদিক কেন্দ্র কবিও এনে কিছুমান সংক্ষিপ্ত রূপ অথবা অন্য ধৰণেৰেও বিশেষ প্রয়োগ থাকে। চিকিৎসক, চিকিৎসাৰ লগত জড়িত অন্যসকল আৰু আনকি নিজে বা নিজৰ লগত সঘনাই জড়িত কাৰোবাৰ ব্লাডে সমস্যা থকা সাধাৰণ লোক এজনেও বি.পি. বুলি ক'লৈ ব্লাডপ্ৰেছাৰৰ কথা কোৱা বুলি বুজি পায়। কিন্তু অন্য সাধাৰণজনৰ কাৰণে এনেধৰণৰ সংক্ষিপ্ত প্রয়োগ দুর্বোধ্য হব। পাৰে। নিজৰ বক্তব্য আঁৰ নলগাকৈ যিকোনো পাঠকক বুজাব পৰাটোৱেই ভাল লে মূল উদ্দেশ্য। গতিকে, বিষয়বোধৰ ক্ষেত্ৰত যাতে ভাষাৰ কিছুমান আঞ্চলিক, দলীয় অথবা সংক্ষিপ্ত প্রয়োগে (Jargon) এ অন্তৰায়ৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে লেখক সতর্ক হ'ব লাগে।
(গ) যিকোনো প্রকাৰৰ দুর্বোধ্য শব্দৰ প্ৰয়োগে বিষয়ৰ প্রভাবশালী প্রেৰণত ব্যাঘাত জন্মায়। সেইদৰে দুর্বোধ্য নহ'লেও সঘনাই একেবোৰ শব্দকে ব্যৱহাৰ কৰি থকাৰ পৰাও উপস্থাপনে প্রভাবশালিতা হেৰুৱায় আৰু ৰচনা পাঠকৰ বাবে একঘেরা, আমনিদায়ক হৈ পৰে। বাচন অধিক ঘঁহি থাকিলে তাৰ চিক্মিকনি নোহোৱা হোৱাৰ দৰেই অত্যধিক প্রয়োগ হৈ থকা শব্দ, বাক্যাংশ (clitch)ৰো অৰ্থৰ তীক্ষ্ণতা হ্রাস পায়।
(ঘ) বিশেষণ আৰু ক্ৰিয়া বিশেষণৰ প্ৰয়োগে বক্তব্য অধিক শক্তিশালী কৰে বুলি সৰ্বসাধাৰণৰ এটা ধাৰণা আছে। সাহিত্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই প্ৰৱণতা বেছি। বাস্তৱক্ষেত্ৰত কিন্তু বিশেষণৰ প্ৰয়োগে বক্তব্যৰ তীব্রতা বৃদ্ধি কৰাতকৈ অধিক ক্ষেত্ৰতে তাৰ বিশ্বাসযোগ্যতা হ্রাস কৰাতহে অৰিহণা যোগায়। স্পষ্টতা তথা সজীৱতাৰ দুভৰিৰে আয়াসতে আগ বাঢ়িব পৰা বৰ্ণনাৰ বাবে বিশেষণৰূপী লাখুটিৰ প্ৰয়োজন নাই।
(ঙ) সমগ্ৰ লেখাটোৰ অন্তৰ্গত চিন্তাসমূহৰ একসূত্রতা যাতে ক'তো বাধাগ্রস্ত নহয়, তাৰ প্ৰতি লেখকে সততে দৃষ্টি ৰাখিব লাগে। বিষয় তথা ভাব-চিন্তাৰ চলি থকা আঁত এৰি হঠাতে অন্য বেলেগ ভাব-চিন্তালৈ জাপ মাৰিলে পাঠকৰো চিন্তাৰ আঁত হেৰাই যায়। লেখনকাৰ্যটো আদিৰ পৰা অস্তলৈকে তাৰ মূল বিষয়মুখী (to the point) হ'ব লাগে।
(চ) পুনৰাবৃত্তি আৰু কোনো বিষয় বা বিষয়ৰ অন্তৰ্গত অংশৰ প্ৰয়োজনাধিক বৰ্ণনাৰ পৰা হাত সাৰিবলৈ লেখক সততে যত্নশীল হ'ব লাগে। অৱশ্যে কিছুমান বিষয় সম্পূৰ্ণৰূপে স্পষ্ট কৰিবৰ বাবে কেতিয়াবা পুনৰাবৃত্তিৰ প্রয়োজনো হয়। এনে বিশেষ ক্ষেত্ৰৰ কথা সুকীয়া।
(ছ) যিকোনো ভাল লেখনৰ কাৰণে লেখকে এবাৰ লেখাৰ পাছত নিজৰ লেখাটোকে প্রয়োজনীয় কর্তন, বর্ধন, সংশোধন কৰি এবাৰ সম্পাদনা কৰিহে অস্তিম ৰূপ দিব লাগে।
ভাল লেখনৰ গুণাৱলীসমুহ
ভাল লেখনৰ মোটামুটিকৈ তলত দিয়া গুণকেইটা
(ক) ভাল ৰচনা এখন বা অন্য যিকোনো ধৰণৰ লেখা পাঠকে আয়াসতে বুজিব পৰা হয় ।
(খ) লেখন-প্রবাহ সাৱলীল হয়। (গ) জ্ঞানগর্ভ হৈও বেছি জটিল ৰূপ ধাৰণ নকৰা লেখনক ভাল লেখন বুলিব পাৰি।
(ঘ) ভাল লেখন স্বভাৱতে আনন্দদায়ক হয়। কিন্তু কোনোধৰণৰ অমার্জিত বা কচি বিগর্হিত বিষয়, শব্দ, অভিব্যক্তি তাত নাথাকে।
(ঙ) ভাল লেখন তথ্যেৰে সমৃদ্ধ হৈও বাতৰিৰ নিচিনা নীস নহয়।
উৎস :- নীৰাজনা মহন্ত ,যোগাযোগ কলা