Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

নীলা খামৰ চিঠি ,১২ লৃগাং,কাৰ্চাং তাকাৰ

 নাম:- কাৰ্চাং তাকাৰ

ঠিকনা:- লখিমপুৰ

শিতান:- নীলা খামৰ চিঠি

নীলা খামৰ চিঠি


মৰমৰ ,প্ৰিয়

        আকৌ চিঠি লিখিছো তোমালৈ , পঢ়িবা মোৰ অবুজ মনৰ কথাবোৰ ।  সন্ধিয়া হলেই  জোনাকেওঁ সুধে  তোৰ কথা ,ভালপোৱা প্ৰিয়জনীৰ কথা নোকোৱাকৈ জানো থাকিব পাৰি । জোনাকে জানো জানে  হৃদয়ৰ ঠিকনাৰ কথা য'ত  সজাই থোৱা তৰাৰ দৰে  ওলমি  থকা চেনেহৰ কথাবোৰৰ । নিঃসন্দেহে আছে তাত মৰম ভালপোৱাবোৰ । অহ ,এটা কথা শুনা কাংকান! গৃনমুৰ পল: আহি পালেহি  নহয় ? তই বাৰু তাঁত শালত ৰিবি গাছেং লগাইছনে নাই পিছে এইবাৰ লৃগাংঙত   অৌৰকক আৰু তোৰ হাতেৰে বচা বচা মিমাঙেৰে  ৰং কৰা চোলা মিবু গালোক এইবাৰ কিন্তু লাগিবই । পশ্চিমত মাৰ যোৱা বেলিৰ সতে শিমলু ফুলৰ ৰঙলৈ চায় তোলৈ বৰকৈ মনত পৰে অহ, কিনো ৰঙচুৱা কেতেকীৰ ,নৈৰ কাষে কাষে ককাল ভাঙি গুমৰাগ নচা কহুৱাঁৰো কিনো দেহৰ লয়লাস ,এই লয়লাসে  তুমি নথকাৰ কথা বাৰে বাৰে মনত পেলায়  । ভালপাওঁ বুলিনো আৰু কিমানবাৰ কম,অংকিতা,মিগম, বিনীতাৰ কথা নুশুনিবা প্ৰিয় ,সিহত উৰা-বাতৰি ,সেইবাবেইটো এই চিঠিখনি তোমালৈ লিখিছো,মাজে -মাজে ইন্টাৰনেটৰ মজিয়াৰ পৰা আতৰি আহি চিঠিৰ পৃথিৱীলৈয়ো কেতিয়াবা খোজ দি চাবাচোন ওৰেইটো দিবা-নৈশে পাবা তোৰ নিয়ৰক ।  চহৰত আছা বুলিয়েই  গাৱলৈ মনত নপৰাকৈ নাথাকিবা দেই । গাৱঁত তুমিবিহীনতাত গুমৰাগৰ অশুৱনি, ডুমডুমৰ মাতো নিমাত,অইনিতমো নুফুতে মোৰ কন্ঠত তোৰ অনুপস্থিত । এতিয়া গাৱঁৰ  চুক-কুনে ডুমডুম লুপেৰ শব্দ,তাৰ  তালে তালে  তোৰ চিনাকি অইনিতম-দুংকাং আচিনব মৌ:নামই আগম ,ঐয়া নম লুপৌ:নাম ক, কৌ:ৰাদ তেতগেলা,  আঅৃনই  আয়াংক ঐয়া নম বিপৌ:নাম ক...   আৰৃগ আৰৃগ হৌলৌ গৰু দুংকাং গংকুপৌ:নামৌ , দলুংহৌ:দৌ মৌ:নাম দুংকাং কাংকুপৌ:নামৌ (ভাৱি থোৱা কথা এষাৰ হৃদয়তে থাকিল,চেনাই তোমাক ক'বলৈ ,কাষতে বহি লৈ হিয়াৰে মৰমবোৰ চেনাই তোমাক যাচিবলৈ...গৰু থাকিল পথাৰত আনিবগৈ লাগিব,সোণ হৈ আনিবগৈ লাগিব,চেনাই থাকিল গাৱঁত চাবগৈ লাগিব ,জান ঐ চাবগৈ লাগিব) । নাই নাই আৰু নোৱাৰি অপেক্ষা কৰিব,মোৰ বাবে গামিক বচা মিবু গালুক নালাগে ঐয়া যোৱা লৃগাঙত দিয়া অৌৰকক খনেই চলিব ।  লৃগাঙ দিনা মৃৰং অকুমত বহি তোৰ সতে হেপাঁহ পলুৱাই কথা পাতিব পালেই হ'ল । তুমি চাবা মোৰ চকুলৈ ,মই চাম তোৰ চকুলৈ , জাঁ-জোৱালীয়ে ৰাকতুপ মাকচং নাচিব পৰঃ-নগজিন আপঙৰ নিচাত । 

                 বাৰু যিকিনহওঁক লৃগাঙৰ দিনা ভালকৈ কথা পাতিম  আৰু  আগন্তুক আলি-আয়ে-লৃগাঙৰ শুভেচ্ছা পঠালো । অহ ! এটা কথা গাৱলৈ আহোতে মোক ফোন এটা কৰিবা শালমৰা তিনিআলিত চাইকেলতো লৈ তোলৈ বাট চায় ৰম ।

                                     ইতি

                               তোৰ চেনাই 

                                   " নিয়ৰ"

শব্দৰ ভাৱাৰ্থ

ডুমডুম:- ঢোল

লুপে:- থাল

কাংকান:- ছোৱালীৰ নাম

গৃনমুৰ পল:- ফাগুন মাহ

ৰিবি গাছেং:-ফুলাম ৰিহা,চাদৰ

অৌৰকক:-মাফলাৰ

মিমাং:-চানেকী,নক্সা

নগজিন:-  বগা ৰঙৰ পানীয় মদ

পৰঃ আপং:- কলা ৰঙৰ পানীয় মদ

গুমৰাগ:- লৃগাঙৰ দিনা কৰা নৃত্য

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1