Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

পোহৰ -প্ৰতিফলন আৰু প্ৰতিসৰণ ,দশম মান

 

পোহৰ -প্ৰতিফলন আৰু প্ৰতিসৰণ ,দশম মান

পোহৰ -প্ৰতিফলন আৰু প্ৰতিসৰণ ,দশম মান


পোহৰ (Light) ? এই বিনদীয়া বিশ্বৰ আমাৰ চাৰিওফালে থকা প্ৰতিটো বস্তুকে আমি দেখা পাওঁ। কিন্তু অন্ধকাৰ কোঠা বা বাতিব ঘোপমৰা এন্ধাৰত এইবোৰ বস্তু দেখা নাপাওঁ। অর্থাৎ বস্তু দেখিবলৈ আমাক পোহৰ লাগে। বস্তুৰ ওপৰত পোহৰ পৰি সেই পোহৰ বস্তুটোৰ পৰা প্ৰতিফলিত হৈ আহি আমাৰ চকুত পৰিলেহে বস্তুটো দেখা পাওঁ। স্বচ্ছ পদাৰ্থৰ মাজেৰে পোহৰ সৰকি যাব পাৰে বাবে আমি এনে বস্তুৰ মাজেৰেও বস্তু দেখিবলৈ পাওঁ। ইয়াৰ উপৰিও সূর্যোদয়-সূর্যাস্ত, বাতির আকাশৰ তৰাৰ জিকমিকনি, ৰামধেনু, চিকমিক বিজুলী আদিৰ দৰেও বহুতো প্রাকৃতিক পৰিঘটনা আমি পোহৰৰ খিবলৈ পাওঁ। পোহৰৰ সঞ্চাৰণৰ বিভিন্ন ধৰণসমূহ অধ্যয়ন কৰিলে আমি তলত দিয়া পৰিঘটনা

সমূহ দেখিবলৈও পাওঁ—

১। প্রতিফলন (Reflection) ৩। অপবর্তন (Diffraction)

২। প্রতিসরণ (Refraction)

৪। সমবর্তন (Polarization)

৫। সমাৰোপণ (Interference) | আলোকবিদ্যুৎ ক্রিয়া (Photoelectric effect) আলোক বিদ্যুৎ ক্ৰিয়াৰ বাহিবে ওপৰৰ পাঁচোটা পৰিঘটনা পোহৰক তৰংগ বুলি ধৰি লৈ অধ্যয়ন কৰিব পাৰি পোহৰ কিছুমান কণিকাৰ দ্বাৰা গঠিত বুলি ধৰি লৈছে আলোক বিদ্যুৎ পৰিঘটনাৰ ব্যাখ্যা দিব পৰা যায়। গতিকে পোহৰ যে অকল তৰংগ নহয়, ই কণিকাৰো সমষ্টি সেইয়াওঁ প্রমাণ হ'ল।

গতিকে পোহৰ কণা আৰু তৰংগ উভয় ধর্ম সম্পন্ন। পোহৰে কোনো জোঙা মূৰত স্পৰ্শ কৰি গতি কৰিলে ই জোঙা মূৰৰ পৰা তাৰ গাৰে

জ্যামিতিক অঞ্চলত বেঁকা হৈ বিয়পি পূৰে। পোহৰৰ এই পৰিঘটনাকে অপবর্তন বোলে। পোহৰ সংবেদী (Photo Sensitive) কোনো ধাতুৰ পাতত পোহৰ পৰিলে সেই পাতব পৰা ইলেক্ট্রন নির্গত হয়। এই ইলেক্ট্রনে বিদ্যুৎ প্রবাহৰ সৃষ্টি কৰে। পোহৰৰ এই পৰিঘটনাৰ দ্বাৰাই আলোক বিদ্যুৎ কোষ (Photo Electric Cell) উৎপাদন কৰা হৈছে। পোহৰৰ এই পৰিঘটনাৰ নামেই আলোক বিদ্যুৎ পৰিঘটনা।

• পোহৰৰ প্ৰতিফলন (Reflection of Light): পোহৰ এটা মাধ্যমৰ পৰা গৈ কোনো বস্তুত পৰি পুনৰ আগৰ মাধ্যমলৈ উভতি অহাকে পোহৰৰ প্রতিফলন বোলে। বস্তুটোক প্রতিফলক (Reflector) বোলে। মাধ্যমৰ মাজেৰে আহি প্ৰতিফলকৰ ওপৰত পৰা পোহৰৰশ্মিক আপতিত ৰশ্মি (Ray of incidence) আৰু প্ৰতিফলকৰ পৰা পুনৰ আগৰ মাধ্যমলৈ ঘূবি যোৱা ৰশ্মিক প্রতিফলিত ৰশ্মি ( Ray of reflection) বোলে।

চিত্ৰত ইয়াক দেখুওৱা হৈছে।

ইয়াত

R

N

MM = প্রতিফলক

R

PO বা PO = আপতিত ৰশ্মি। OR বা OR = প্রতিফলিত বশি।

ON বা ON= অভিলম্ব। i বা i = আপতন কোণ।

বা = প্রতিফলন কোণ। সাধারণতে প্রতিফলকবোৰ অতি মসৃণ হ'লে প্রতিফলন পৰিঘটনা ভালকৈ যায়। প্রতিফলক খহতা (rough) হ'লে প্ৰতিফলনক বিষয় প্রতিফলন বুলি কোৱা হয়। কাগজ, কাঠ, বেৰ আদিৰ পৰা এনে বিষম প্রতিফলন ঘটে। কাঁচ, দাপোণ, ধাতুৰ মিহি পৃষ্ঠ

আদিৰ পৰা হোৱা প্ৰতিফলনক সুষম প্রতিফলন বুলি কোৱা হয়। • প্রতিফলনৰ নিয়ম : প্রতিফলনে দুটা নিময় মানি চলে। সেয়া হ'ল 1. আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে

সমতলত থাকে। 2. আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। পিন পদ্ধতিবে প্রতিফলনৰ

সূত্ৰৰ পৰীক্ষা কৰি চাব পাৰি। প্রতিবিম্ব (Image) : কোনো বস্তুব পৰা কোনো পৃষ্ঠ (দাপোণ)ত আপতিত ৰশ্মি প্ৰতিফলন হোৱাৰ পাছত প্ৰতিফলিত ৰশ্মিসমূহৰ আপাত বা প্রকৃত ছেদ বিন্দুকেই বা প্ৰতিফলিত ৰশ্মিসমূহ পৰা অপসাৰিত হোৱা যেন লাগে তাকেই বস্তুটোৰ প্রতিবিম্ব বোলে। উৎপত্তি অনুযায়ী প্রতিবিম্ব দুই ধৰণৰ বাস্তৱ (প্রকৃত বা সৎ) আৰু অবাস্তব (আপাত বা অসৎ)। সমতল দাপোণৰ পৰা পোৱা প্ৰতিবিম্ব সদায় অসৎ। তদুপৰি এই প্ৰতিবিম্ব দাপোণৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপোণৰ পিছফালে গঠিত হয়। ইয়াৰ আকৃতি আৰু আকাৰ লক্ষ্যবস্তুটোৰ লগত একে।

সমতল দাপোণৰ ব্যৱহাৰ : সমতল দাপোণ প্রসাধন কার্যত দাপোণ বা আয়না হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতিফলক হিচাপে পেৰিস্ক'প, কেলিড স্ক'প, খেলনাৰ সামগ্ৰী প্ৰস্তুত আদিত ব্যবহার

কৰা হয়। গোলাকাৰ দাপোণ (Spherical mirror) ভাঁজযুক্ত দাপোণসমূহ হ'ল গোলাকাৰ দাপোণ। এই দাপোণ কাঁচ বা ধাতুৰ ফোঁপোলা গোলকৰ অংশ কাটি তৈয়াৰ কৰা হয়। গোলাকাৰ দাপোণ দুবিধ

অবতল দাপোণ (Concave mirror) আৰু উত্তল দাপোণ (Convex mirror)

গোলাকার দাপোণ যিহেতু গোলকৰ অংশ, গতিকে ইয়াৰ কেইটামান নিজস্ব ৰাশি

আছে। এইবোৰৰ সংজ্ঞা তলত দিয়া হ'ল। (i) মেক (Pole) : প্রতিফলক পৃষ্ঠৰ মধ্যবিন্দু গোলাকাৰ দাপোণৰ মেৰু বুলি কোৱা হয়। অৱতল দাপোণৰ ক্ষেত্ৰত ই দাপোণখনৰ আটাইতকৈ ভিতৰ সোমোৱা অংশত আৰু উত্তল দাপোণৰ ক্ষেত্ৰত ই দাপোণখনৰ আটাইতকৈ বাহিৰ ওলোৱা অংশত অৱস্থিত। চিত্রত P বিন্দুরে মেক নিৰ্দেশ কৰিছে।

(ii) ভাঁজ কেন্দ্র (Centre of curvature) : দাপোণখন যিটো গোলকৰ অংশবিশেষ,

সেই গোলকৰ কেন্দ্ৰই গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্র। চিত্ৰত বিন্দুরে ভাঁজ কেন্দ্র নির্দেশ

কৰিছে।

(iii) ভাঁজ ব্যাসার্ধ (Radius of curvature) : দাপোণখন যিটো গোলকৰ অংশ, সেই গোলকৰ ব্যাসার্ধই গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসার্ধ। চিত্ৰত PC ৰেখাই ভাঁজ ব্যাসার্ধ

চিত্র: অবতল দাপোণ

চিত্রঃ উত্তল দাপোণ

(iv) মুখ্য ছেদ (Principal section) : মেক আৰু ভাঁজ কেন্দ্ৰৰ মাজেদি কল্পনা কৰা সমতলে গোলাকাৰ দাপোণক যি ৰেখাত ছেদ কৰে, তাক দাপোণৰ মুখ্য ছেদ বোলে। চিত্ৰত MPN বক্ৰৰেখাই গোলাকাৰ দাপোণৰ মুখ্য ছেদ নিৰ্দেশ কৰিছে।
(v) মুখ্য অক্ষ (Principal axis) : গোলাকাৰ দাপোণৰ মেঝ আৰু ভাঁজ কেন্দ্র সংযোগী বেথাক মুখ্য অক্ষ বোলা হয়। চিত্ৰত PC মুখ্য অঙ্ক। (vi) ছিদ্র বা মুখ (Aperature): গোলাকাৰ দাপোণব মুখ্য ছেদে ভাঁজ কেন্দ্ৰত উৎপন্ন কৰা কোণক গোলাকাৰ দাপোণৰ ছিদ্র বা মুখ বুলি কোৱা হয়।

(vii) মুখ্য ফ'কাছ (Principal focus ) : অৱতল দাপোণৰ ক্ষেত্ৰত, মুখ্য অক্ষর সমান্তৰাল ৰশ্মিসমূহ প্রতিফলনৰ পিচত মুখ্য অক্ষৰ ওপৰত দাপোণৰ সন্মুখত অৱস্থিত এটা বিন্দুলৈ অভিসাৰী হয়। এই বিন্দুটোক অৱতল দাপোণৰ মুখ্য ফ'কাছ বোলে। চিত্ৰত উত্তল দাপোণৰ ক্ষেত্ৰত, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ প্রতিফলনৰ পিচত মুখ্য অক্ষৰ ওপৰত অৱস্থিত আৰু দাপোণৰ পিচফালৰ এটা বিন্দুৰপৰা আপাতভাৱে অপসাৰী হোৱা যেন লাগে। এই বিন্দুটোক উত্তল দাপোণৰ মুখ্য ফ'কাছ বোলে। ইয়াক Fৰে নিৰ্দেশ কৰা হয়।

(viii) ফ'কাছদূৰত্ব (Focal length) : মুখ্য ফ'কাছ আৰু মেৰুৰ মাজৰ দুৰত্ব গোলাকাৰ দাপোণৰ ফ'কাছৰ দূৰত্ব বোলা হয়। চিত্ৰত PF = f = ফ'কাছ দূৰত্ব। (ix) ফ'কাছ তল (Focal plane) : মুখ্য অক্ষর লম্বভাৱে থকা যিখন তলত ফ'কাছ

বিন্দু আৰু অৱস্থিত সেইখনক গোলাকার দাপোণৰ ফ'কাছ তল বোলা হয়। উত্তল আৰু অবতল দাপোণ দুখনে প্রতিবিম্ব গঠন কৰে। দুয়োখন দাপোণত প্রতিবিশ্ব গঠনৰ ৰশ্মি চিত্র অংকন কৰিবলৈ আমি অতি কমেও দুটা আপতিত ৰশ্মিৰ প্ৰতিফলনৰ দিশ জানিব লাগিব। তদত দুয়োখন দাপোণতে বিভিন্ন আপতিত ৰশ্মিৰ প্ৰতিফলিত ৰশ্মিৰ দিশ দেখুওৱা হ'ল।

(i) AA = মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি AA = Fৰ মাজেৰে প্ৰতিফলিত ৰশ্মি।

(ii) BB = Fৰ মাজেৰে আপতিত ৰশ্মি। ৰশ্মি।
B"B" = মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত (iii) 'PP = C ৰ মাজেৰে আপতিত ৰশ্মি। PP = Cৰ মাজেৰেই প্ৰতিফলিত ৰশ্মি।
(i)· AA = প্রধান অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি A'A = F অৰ পৰা প্ৰতিফলিত হোৱা যেন লাগে।

(ii) BB = Fৰ মাজেৰে আপতিত হ’ব খোজা ৰশ্মি। B"B" = প্রধান অঙ্কৰ সমান্তৰালকৈ প্ৰতিফলিত রশ্মি।
(iii) PP = C ৰ মাজেৰে আপতিত হ'ব খোজা বশ্মি। PP= Cৰ মাজেৰেই প্রতিফলিত হয়।

চমুকৈঃ (i) প্রধান অক্ষৰ সমান্তৰালকৈ আপতিত বশ্মি অৱতল দাপোণৰ ক্ষেত্ৰত 'F' ৰ মাজেৰে প্ৰতিফলিত হয় আৰু উত্তল দাপোণৰ ক্ষেত্ৰত 'F' ৰ পৰা অপসাৰিত হোৱা যেন লাগে।

(ii) 'F' অব মাজেৰে আপতিত রশ্মি (অৱতল দাপোণৰ ক্ষেত্ৰত) প্রধান অক্ষ সমান্তৰালকৈ প্ৰতিফলিত হয় আৰু উত্তল দাপোণৰ ক্ষেত্ৰত Fৰ মাজেৰে যাব খোজা ৰশ্মি প্ৰধান অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হয়।

(iii) 'C' ৰ মাজেৰে আপতিত বা 'C' ৰ মাজেৰে যাব খোজা ৰশ্মি একে পথেৰেই প্রতিফলিত হয়।

প্রতিবিশ্ব অংকন কৰাৰ ক্ষেত্ৰত এই ৰশ্মি সমূহৰ বা ইয়াৰ যিকোনো দুটা ৰশ্মিৰ সহায়

ল'ব লগা হয়।

উত্তল আৰু অৱতল দুয়োবিধ দাপোণেই প্রতিবিম্ব উৎপন্ন কৰে। সমতল দাপোণে 'যেনেদৰে এবিধেই প্রতিবিম্ব উৎপন্ন কৰে গোলাকাৰ দাপোণে তেনেদৰে এবিধেই প্রতিবিম্ব তৈয়াৰ নকবে। দাপোণৰ সন্মুখত ৰখা লক্ষ্যবস্তুৰ অৱস্থান অনুযায়ী প্রতিবিম্বৰ আকৃতি আৰু প্রকৃতি বেলেগ বেলেগ হয়।

- অবতল দাপোণে সং আৰু অসৎ দুয়োবিধ প্রতিবিম্বই গঠন কৰে। কিন্তু উত্তল দাপোণে মাত্র অসৎ আৰু লক্ষাবস্তুতকৈ আকাৰত সরু প্রতিবিম্ব গঠন করে। তলত অবতল দাপোণে অবস্থান অনুযায়ী গঠন কৰা প্ৰতিবিম্বসমূহ উল্লেখ করা হ’লঃ

১। লক্ষ্যবস্তুৰ অসীমত হ'লে—প্রতিবিম্ব অতি ক্ষুদ্ৰ আৰু ফ'কাছত। ২। লক্ষ্যবস্তু ভাঁজকেন্দ্ৰৰ বাহিৰত হ'লে প্রতিবিম্ব বাস্তব, ওলোটা, সৰু আৰু কঁ কাছ

আৰু ভাঁজ কেন্দ্ৰৰ মাজত। ৩। ভাঁজকেন্দ্ৰত অৱস্থিত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব সমান, ওলোটা আৰু বাস্তৱ হয়।

৪ । ফকাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত অবস্থিত লক্ষ্যবস্তুৰ প্রতিবিম্ব বাস্তব, ওলোটা আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ আকাৰৰ হয়। ৫। ফ'কাছ অতি ওচৰত অবস্থিত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব অতি ডাঙৰ আৰু অবাস্তৱ হয়। ৬। লক্ষ্যবস্তু ফুঁ কাছ আৰু মেৰুৰ মাজত থাকিলে প্রতিবিম্ব অবাস্তব, যথাযথ আৰু

পৰিবর্ধিত হয়। তলত ইয়াৰে কেইটামান ৰশ্মিচিত্র অংকন কৰি দেখুওৱা হৈছে—

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1