যায় গৈ যদি যাবলৈ দিয়া
◼কাৰ্চাং তাকাৰ
যায়গৈ যদি যাবলৈ দিয়া
বসন্ত এনো আহিব ,ফাগুনৰ পিছে
ফাগুনীয়ো ফুলিব মোৰ বাবে
শিমলু মদাৰৰ ৰং সানি গা'ত ফাকু লয় ॥
ফাগুন আহিলে আকাশ বৰ উকাশ
ঠিক মোৰ দৰে ,কহুৱা ফুলিলেওঁ
তাই যতঁৰ ঘূৰাই মহুৰাত সূতা কাটি
তাই ব'ব নাজানে ৰিবি গাছেং ,
সেয়ে কাংকান আজি মেলঙৰ দেশলৈ
মেৰপাকৰ অজুহাত লৈ ।
যোৱাগৈ যোৱা সাগৰৰ বসন্তলৈ
মই সাগৰৰ পাৰৰ ক্ষু্দ্ৰ শুভ্ৰনীল তৰা,
হাৰিলেনো কি হ'ল আকৌ যুজিঁম
আৰু এদিন জিকিম..॥
(ক্ৰমশ)....
যায় গৈ যদি যাবলৈ দিয়া |