মিচিং সমাজৰ পৰম্পৰাগত খাদ্যভ্যাস আৰু ৰন্ধন প্ৰণালী
◼তুলাদৈ পায়েং টাইদ
উৎসঃ- Mérpung (আলোচনী)
৪৮ ত্বম উত্তৰ লখিমপুৰ আলি-আয়ে-লৃগাং ২০২১
সম্পাদকদ্ধয়ঃ- মন্টুৰাম টাইদ(TMPK litterature sec.)
ৰাকেশ মিলি(অধিবক্তা)
ফটোৰ উৎসঃ-ফেচবুক |
মিচিং সমাজ প্রকৃতার্থত বেছিভাগেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। দঃঞি-পঃল (সূৰ্য্য চন্দ্ৰক) পিতৃ-মাতৃ স্বৰূপে বিবেচনা কৰি সমাজ জীবন পৰিচালিত হয়। লগতে প্ৰকৃতিৰ পৰা বহুতো খাদ্য সম্ভাৰ সংগ্ৰহ কৰি খাদ্যৰ যোগ্যতা কৰি লৈ খাই জীয়াই থকা দেখা যায়। হাবিৰ বিভিন্ন গছৰ ফল-মুলৰ পৰা ধৰি বনৰীয়া শাক-পাঁছলি, চৰাই-চিৰিকতি, মাছ-কাছ, জীৱ-জন্তুক চিকাৰ কৰি খোৱা পদ্ধতি-পৰম্পৰা মিচিং সমাজত তাহানিৰে পৰা বিদ্যমান ।
অসম ভূমিৰ নদ-নদীৰ কাষে কাষে হাবি জংঘল থকা সেউজীয়া প্ৰকৃতিৰ মাজত মিচিং সমাজৰ বসতি স্থল দেখিবলৈ পোৱা যায়। নদীৰ পাৰে পাৰে চাং ঘৰ সাজি সেউজীয়া প্ৰকৃতিৰ লগত সহৱস্থান কৰি জীয়াই থকাটো মিচিং সকলৰ ঐতিহাসিক পৰম্পৰা আৰু তেনেকৈহে থাকি তেখেত সকলে ভাল পায় ।
বিশ্ব জগতৰ মানৱ জাতিটোয়ে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল বুলি কব পাৰি। কিয়নো বিশ্ব মানবে প্ৰকৃতিৰ কোনো এটা অংশকে এৰি থৈ জীয়াই থকাতো অসম্ভৱ নহ'লেও পৰিপূৰ্ণতা নাপায় । অতীতলৈ উভতি চালে গম পোৱা যায়, বৰ্তমান আৰু ভবিষ্যতৰ সমস্যাবোৰ কথাবোৰ, পৰিৱৰ্তনৰ কথাবোৰ। পৰিৱৰ্তিত সময়ৰ লগত খোল পেলাওতে ভিন ভিন মানৱ প্ৰজাতিৰ খাম প্ৰণালীও পৰিবৰ্তন হৈ আহিছে। আজি প্ৰত্যেকেই প্ৰকৃতিৰ পৰা কিঞ্চিত হলেও আঁতৰি অহাটো স্বাভাৱিক ৰূপত পৰিণত হৈছে। তেনে ক্ষেত্ৰত মানৱ সমাজৰ অত্যাৱশ্যকীয় খাদ্য সম্ভাবো নাটনি হৈ পৰাৰ লগে লগে খাদ্যাভাসো পৰিৱৰ্তন হৈ পৰিছে।
বিভিন্ন জাতি জনগোষ্ঠীৰ চিন্তা-চেতনাৰ লগতে খাদ্যাভাসৰ প্ৰৰ্থক্য থকাৰ দৰে অসমত বসবাস কৰা নানান জাতিগোষ্ঠিৰ খাদ্য সম্ভাৰ আৰু বন্ধন প্রণালীও নানান ধৰণৰ। ইয়াৰ ভিতৰত নিজৰ জাতীয় স্বত্বাসমূহ বজাই ৰাখি পিন্ধন-উৰণ, থকা মেলা, ধর্মীয় নীতি-আদর্শ সকলো ফালে নিজৰ স্বকীয়তা বহন কৰি থকা দেখা যায়। ইয়াৰ ভিতৰত বড়ো, কচাৰী, দেউৰী, ৰাভা, হাজং, মিচিং, টিৱা আদি জনজাতীয় লোক সকলোৱে অসমৰ মাটিত ভাই ককাই, বাই-ভনীৰ নিচিনাকৈ নিজৰ নিজৰ কৃষ্টি সংস্কৃতিৰ মাজত অমিল-মিলৰ মাজেদি জীয়াই থকাৰ পৰম্পৰা এটা গঢ়ি তুলিছে। অৱশ্যে প্রতেকেই নিজ নিজ লোক পৰম্পৰাৰ জৰিয়তে নিজৰ নিজৰ খাদ্যাভ্যাসক আজিও অটুট ৰাখিছে। এই ক্ষেত্ৰত মিচিং সকলো ইয়াৰ ব্যতিক্ৰম নহয় । মিচিং সমাজৰ খাদ্য প্রণালীক একে আষাৰে প্ৰকাশ কৰি সামৰি থ'ব নোৱাৰি। প্রধানত মিচিং সমাজ খেতিৰ ওপৰত নিৰ্ভৰশীল সমাজ । মিচিং সকলৰ প্ৰধান আহাৰ হৈছে— ভাত। তেওঁলোকে ব্যৱহাৰ কৰা ভাতক দুভাগত ভগাব পাৰি। পিনৰ আৰু পিন্কাং পিল্ মানে দুপৰীয়া গৰমে গৰমে খোৱা মুল ভাত আৰু পিনকাং হ'ল উপৰঞ্চিভাবে গ্ৰহণ কৰা আহাৰ। এই পিন্কাং ভাত ঘৰৰ জিয়ৰী-বোৱাৰী, হালোৱা-বনুৱা যিকোনো কামত যোৱা সকলে নামচিং, জবৰা বা যিকোনো ঘৰৰ পৰা ওলাই যায়। মিচিং মানুহে পূৰ্বাদিৰ পৰাই জাহ-জলপান খোৱাৰ পৰম্পৰা নাছিল। আজি কালি সময়ৰ পৰিবৰ্তনে, সমাজৰ লগত সংমিশ্রণ ই ঘটি প্রায় মিচিং লোক সকলেও কিছু কম পৰিমানে হলেও খোৱা লোৱাত পৰিবৰ্তন দেখিবলৈ পোৱা যায়।
ངོ་
5
পিনৰ আপিন (মূল আহাৰ)- ঘৰৰ সকলো ভাগে ভাগে গুচি যোৱাৰ পাছত ঘৰত এগৰাকী বোৱাৰীক পিন্ৰ ভাত বনাবলৈ বা ৰান্ধিবলৈ থৈ যায়। এই বোৱাৰী গৰাকীয়ে সকলোৰে কাৰণে ৰান্ধী বাঢ়ি দুপৰীয়া আহাৰ প্ৰস্তুত কৰে। এইমতে সকলোহে একে লগে গোট-পিট খাই আহাৰ মুঠি গ্ৰহণ কৰেগৈ ইয়াকে পিন্ ভাত বা দুপৰীয়া আহাৰ বুলি কোৱা হয়।
মিচিং জনগোষ্ঠিটোৱে প্ৰাচীন কালৰ পৰাই হাবিৰ শাক-পাছলি, মাছ-মাংস বিচাৰ-কুচাৰ 1 কৰি চিকাৰ আদি কৰি খোৱা সমাজ। কৃষি কৰ্ম আৰম্ভ নকৰাৰ আগতে হাবি জংঘলৰ জীৱ-জন্তু, চৰাই চিৰিকতি, ফল-মূল বিচাৰি খাই জীয়াই থাকিবলৈ ই শিকিছিল। সেই কাৰণে আজিৰ এই বিজ্ঞানৰ যুগতো প্ৰকৃতিৰ খাদ্য সম্ভাৰ হাবি জংঘল নথকা সময়তো নিজৰ চোতালৰ বাৰীত খেতি কৰি হলেও ॥ নিজৰ জাতীয়ত্ব খাদ্যবোৰ খাই থকা দেখা যায়।
এই টোকাটোত মিচিং সকলে কি কি খাদ্য আৰু কেনেধৰণে বনোৱা হয়, ৰন্ধন প্ৰণালী কেনেকুৱা তাৰ উপকৰণৰ সৈতে কিছু আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে। অতি প্ৰাচীন কালত মিচিং সকলে চিকাৰ কৰি ভাল পাই আৰু বনৰীয়া জীৱ-জন্তু চিকাৰ ধৰি আনি খাইছিল। ধৰাহওঁক, হৰিণা পশু, কেটেলা পশু, শহাপশু, বনগাহৰী আৰু চৰাই চিৰিকটি, বন কুকুৰা, পানী কাউৰী, এৰালী হাহঁ আদি চিকাৰ সমূহ ৰাইজে ধৰি আনি সকলোৱে ভাগ কৰি খাইছিল খাই শেষ কৰিব নোৱাৰাখিনিক শুকুৱাই সামৰিও খাব জানিছিল।
সম্পুৰ্ণ ৰূপে তথা pdf আকাৰত পাবলৈ তলৰ শব্দটি ক্লিক কৰিব
তললৈ html কিতাপৰ আকাৰত