Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

জৈৱ বৈচিত্ৰ্যতাৰ অৰ্থ (Meaning of Bio-Diversity) আৰু ভাগসমুহ (And its types of classification)

 

জৈৱ বৈচিত্ৰ্যতাৰ অৰ্থ (Meaning of Bio-Diversity)  আৰু ভাগসমুহ (And its types of classification)
Biodiversity

জৈৱ বৈচিত্ৰ্যতাৰ অৰ্থ (Meaning of Bio-Diversity)  আৰু ভাগসমুহ (And its types of classification)

প্রায় ৫০ মিলিয়ন প্রজাতিৰ বিভিন্ন জীবজন্তু আৰু উদ্ভিদে পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন স্তৰত বিস্তৃত হৈ আছে। সিহঁতৰ মাজত বসবাসন ধৰণ খাদ্যাভাষ, মানসিক, শাৰীৰিক সামাজিক ইত্যাদি বিভিন্ন কাৰকৰ অত্যধিক বিভিন্নতা থাকে। পৰিৱেশৰ দৰে জটিল তন্ত্র এটাত বিভিন্ন জীবিত প্রজাতি বিলাকৰ মাজত থকা বিভিন্নতাৰ সত্ত্বেও শান্তিপূর্ণ সহবাস কৰা প্ৰক্ৰিয়াটোকে জৈৱ বৈচিত্র্যতা বোলা হয়। ১৯৯৪ চনত UNESCO ই জৈৱ বৈচিত্রা সম্পৰ্কত মত পোষণ কৰে যে, 'জীৱ বৈচিত্র্য হ’ল স্থল, সমুদ্র আৰু আন বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ থকা জীৱ সমষ্টিৰ সমষ্টিৰ ভিন্নতা, যিবোৰ জটিল জৈৱ পৰিস্থিতিৰ একো একোটা অংশ।

শুকান মরুভূমিৰ পৰা ক্ৰান্তীয় ঘন বনাঞ্চললৈ, বৰফেৰে আবৃত মেৰু প্ৰদেশৰ পৰা গভীর সমুদ্রৰ জল ৰাশিলৈকে বিস্তৃত বিভিন্ন প্রজাতিবোৰৰ মাজত থকা ৰং, আকৃতি, আকাৰ ইত্যাদি বিভিন্নতা থাকিলেও প্রাকৃতিক ভাৰসমতাৰ জৰিয়তে জীৱন নিৰ্বাহ কৰি আছে । মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰা ৭০০০ উদ্ভিদৰ ভিতৰত মাত্র ২০ টা প্ৰজাতিৰ উদ্ভিদেহে ৯১% খাদ্য যোগান ধৰে। ঘৰচীয়াকৰণ হ'ল মানৱ সভ্যতার এটি প্রাচীন অনুশীলন। বিশ্বৰ খাদ্য নিৰাপত্তাৰ ক্ষেত্ৰত বিভিন্ন জিনীয় সংমিশ্ৰণৰ বন্য উদ্ভিদে এতিয়া এক মুখ্য ভূমিকা পালন কৰিছে। ইয়াৰ লগতে ঔষধ প্রস্তুত তথা ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰতো এইবোৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। উল্লিখিত তথ্যসমূহে উন্নত স্বাস্থ্যবিধি আৰু ঔদ্যোগৰ বিকাশৰ ক্ষেত্ৰত যে জীৱবৈচিত্যৰ গুৰুত্ব আছে সেই কথা প্রতিপন্ন কৰে।

জৈৱ বৈচিত্ৰ্যতাৰ শ্ৰেণী বিভাগ :Classification of Bio-diversity: পৃথিৱীৰ সমগ্ৰ জৈৱ বৈচিত্ৰ্যতা সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। এইবিলাক হৈছে-
(১) জিনীয় বৈচিত্র্যতা (Genetic Diversity ) : এটা প্ৰজাতিৰ যিকোনো উদ্ভিদ, প্রাণী আৰু অণুজীৱৰ মাজত থকা ‘জিন'ৰ ভিন্নতাকেই আনুবংশিক বৈচিত্র্য বোলা হয়। প্রজাতি এটাৰ বংশগত দোষ গুণবোৰ এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ পৰিবহণ কৰা জৈৱিক এককটোক জিন বোলা হয়। জিন, জৈৱ বৈচিত্র্যতাৰ মূল উৎস। একেটা প্ৰজাতিৰ জিনবোৰৰ সংমিশ্ৰণৰ ফলস্বৰূপে সৃষ্টি হোৱা জীৱবিলাকৰ নতুন জিনত অত্যধিক বৈচিত্র্যতা দেখিবলৈ পোৱা যায় উদাহৰণস্বৰূপে, ধান একেটা গণৰ অন্তৰ্গত হলেও (Oriza Sativa) বনৰীয়া আৰু খাদ্য শস্য হিচাপে উৎপাদন কৰা ধানৰ অলেখ প্ৰকাৰৰ ৰং, আকার, আকৃতি, সুগন্ধি, পৌষ্টিক আৰু জিনীয় উপাদানৰ ক্ষেত্ৰত বিভিন্নতা দেখিবলৈ পোৱা যায় ।


(২) প্রজাতি বৈচিত্র্যতা (Species Diversity ) : প্রজাতিগত বৈচিত্র্য হ’ল এটা অঞ্চলত থকা প্ৰজাতিসমূহৰ মাজত থকা ভিন্নতা। আনহাতে অঞ্চলটোত থকা প্ৰজাতিটোৰ সংখ্যাই ইয়াৰ জোখ নিৰ্ধাৰণ কৰে। জীৱজগতৰ ক্ষেত্ৰত ইয়াক এটা মুখ্য বৰ্গীকৰণ সমষ্টি বুলি গণ্য কৰা হয়। একেটা প্রজাতি বা বিভিন্ন প্রজাতি বিলাকৰ মাজত থকা বিভিন্নতাকে প্রজাতি বৈচিত্র্যতা বোলা হয়। অর্থাৎ জৈৱিক সম্প্রদায় এটাত প্ৰজাতি এটাৰ অধিক্যতা বা প্ৰচুৰতাকে প্রজাতি বৈচিত্র্যতা বুলিব পাৰি। প্ৰজাতি বৈচিত্র্যতা নিৰ্ণয়ৰ বাবে দুটা সূচক ব্যৱহাৰ কৰা হয় যাক চেনন-উইনাৰ সূচক আৰু চিমচন সূচক বুলি জনা যায়। পৃথিবীৰ উপৰিভাগত ১০ ৰ পৰা ৫০ মিলিয়ন প্রজাতি বৰ্তী থকাৰ স্বত্বেও এতিয়ালৈকে মাত্র ১.৫ মিলিয়ন জাতি আৰু ৩,০০,০০০ জীৱাশ্ম আবিষ্কাৰ কৰি অধ্যয়ন কৰা হৈছে প্ৰকৃতিৰ লগত ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰি বহুতো প্ৰজাতিৰ ইতিমধ্যে কালৰ বুকুত হেৰাই গৈছে।


(৩) পৰিৱেশীয় বৈচিত্র্যতা (Ecosystem Diversity) : প্ৰকৃততে পৃথিৱীখনেই হ’ল এটা বৃহৎ পৰিস্থিতিতন্ত্র, য’ত বিভিন্ন প্ৰকাৰৰ ভূমিখণ্ড অৱস্থিত। পৃথিৱীৰ প্ৰত্যেকটো ভূমিখণ্ডই কিছুমান বিশেষ আৰু নির্দিষ্ট উদ্ভিদৰ উপযোগী, যাৰ ফলত বৃহৎ ভিন্নতাৰ বহুতো পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি হৈছে। বিভিন্ন সামাজিক পৰিৱেশ, গঠন, খাদ্য শৃংখল, পৌষ্টিক উপাদান ইত্যাদি বিভিন্নতাৰ বাবে পৰিৱেশত সৃষ্টি হোৱা জটি লতাকে পৰিৱেশ বৈচিত্র্যতা বোলা । বিভিন্ন ভৌতিক কাৰক যেনে- উষ্ণতা, আদ্রতা, অক্ষাংশ, দ্রাঘিমাংশ বিভিন্নতাই পৰিৱেশীয় বৈচিত্র্যতাৰ সৃষ্টি কৰিব পাৰে । উদাহৰণ স্বৰূপে জলবায়ুৰ বিভিন্ন কাৰক সমূহৰ বিভিন্নতাৰ বাবেই ক্রান্তীয় আৰু নাতিশীতোষ্ণ অঞ্চলৰ বনাঞ্চলৰ গঠন আৰু বিতৰণৰ মাজত গুৰুত্বপূৰ্ণ পার্থক্য পৰিলক্ষিত হয় । হাজাৰ হাজাৰ বছৰ ধৰি হোৱা বিৱৰ্তনৰ ফলেই জৈৱ বৈচিত্র্যতাৰ কাৰণ । গতিকে জৈৱ বৈচিত্র্যতা ধ্বংস হলে প্রকৃতিয়ে ভাৰসামাতা হেৰুৱাব।

জৈৱ বৈচিত্ৰ্যতাৰ প্ৰতি ভাবুকি (Threats to Biodiversity) :

ই. অ. উইলচন নামৰ পৰিৱেশবিদ জনমতে প্রতি ২৭ বছৰত সঞ্চিত প্ৰদূষণে ১০,০০০ হাজার প্রজাতি বিলুপ্তি ঘটাইছে আৰু সমগ্ৰ জৈৱ বৈচিত্র্যতাক গভীৰ সংকটত পেলাইছে। চিন্তাৰ বিষয় যে যোৱা ১৫০ বছৰত প্ৰজাতি বিলুপ্তি হাৰ অভূতপূর্ব হিচাপে বৃদ্ধি পাইছে। যদি এই হাৰত জৈৱ বৈচিত্ৰ্যতাৰ ক্ষতি হৈ থাকে তেনেহলে ২১ শতিকাৰ শেষৰ ফালে বিশ্বৰ মুঠ জৈৱ বিচিত্র্যতাৰ দুই তৃতীয়াংশ কালৰ বুকুত নিশ্চিহ্ন হৈ যাব। তলত এই বিলাকৰ বিশদ আলোচনা কৰা হৈছে।

(ক)বাসস্থান হ্রাস (Habit Loss) :

জীৱ বৈচিত্ৰ্যৰ ক্ষতিৰ মুখ্য কাৰণ এটা হ’ল বাসস্থানৰ ধ্বংস। 'বাসস্থান নাই মানে জীৱও নাই।' বাসস্থান ধ্বংসকৰণৰ বাবে মুখ্যতঃ দায়ী হ'ল জনসংখ্যাৰ বিস্ফোৰণ আৰু মানুহৰ কাৰ্য-কলাপ। জনসংখ্যা বৃদ্ধিৰ অনুপাতে খনিজ দ্রব্য, খাদ্য-বস্তু, বাসস্থান, অত্যধিক উদ্ঘাটন কৰিব লগা হৈছে । তাৰ উপৰি বাণিজ্যিক পশুপালন, কৃষিজাত সমগ্ৰীৰ বাণিজ্যিক উৎপাদন, জল বিদ্যুৎ শক্তিৰ সন্ধানৰ ফলত জৈৱ বৈচিত্র্যতাক অত্যধিক শোষণ কৰা হৈছে। ৰাস্তা-পথ নির্মাণকে ধৰি উন্নয়নৰ বিভিন্ন কার্য-কলাপো জৈৱ বৈচিত্র্যতাৰ ক্ষতিৰ বাবে সমানে জগৰীয়া। অৰুণাচল প্ৰদেশৰ জনজাতি লোকসকলৰ মাজত সৰ্বাধিক প্রচলিত জুম খেতিয়ে সেই অঞ্চলৰ জৈৱ বাসভূমিক যথেষ্ট ক্ষতি কৰিছে।

(খ)চোৰাং চিকাৰ (Poaching) :

আইনগত বাধা নিষেধ থকাৰ সত্ত্বেও এচাম অসাধু ব্যবসায়ীয়ে জীবিত বা মৃত জীৱ জন্তুৰ শৰীৰ বা শৰীৰৰ বিভিন্ন অংশৰ প্ৰচুৰ লাভজনক ব্যৱসায়ত লিপ্ত হৈছে। আর্থিক লাভৰ বাবে জধে মধে জীৱ জন্তুক হত্যা, বিৰল গছ-গছনি কাটি ধ্বংস কৰা কাৰ্য জৈৱ বিচিত্র্যতার প্রতি প্রচণ্ড ভাবুকিব সৃষ্টি কৰিছে। অসমতো হাতীক দাঁত আৰু মাংসৰ বাবে, ছাল আৰু হাড়ৰ বাবে মেকুৰী, চৰী আৰু মাংসৰ বাবে ডলফিন, মাংস আৰু পাখিব বাবে কিছুমান চৰাই, ছালৰ বাবে জেঠী আৰু সাপক চিকাৰ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বজাৰত থকা চাহিদাৰ বাবে বহুতো খুবাযুক্ত প্রাণী সংকটাবস্থান পৰিছে। CITES (Covention on International Trade in Endangered Species) ৰ স্বাক্ষৰকাৰী। দেশ হিচাপে ভাৰতবৰ্ষইও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্রজাতি ৰক্ষণাবেক্ষণৰ কাম কৰি আছে। CITES-ৰ নিয়মাৱলীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনেবোৰ সামগ্ৰীৰ ব্যৱসায় প্ৰচুৰ পৰিমাণে হ্রাস কৰাইছে। কিন্তু আঞ্চলিক পর্যায়ৰ জৈৱ প্ৰাচুৰ্যৰ ঠাইত এতিয়াও চোৰাং চিকাৰ অব্যাহত আছে। জীৱ-জন্তুৰ বিভিন্ন অংগৰ এখন আন্তঃ ৰাষ্ট্ৰীয় বজাৰ আছে। বাঘৰ শৰীৰৰ বিভিন্ন অংশ চীন দেশত ঔষধ প্রস্তুতকৰণত ব্যৱহাৰ হোৱাৰ বাবে বনাঞ্চলৰ বাঘ হত্যা কৰা হৈছে। এছিয়া, লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ বনজ সম্পদেৰে চহকী বনাঞ্চল সমূহ অসাধু ব্যৱসায়ী চক্ৰৰ কবলত পৰি শেষ হব ধৰিছে।

(গ)মানুহ আৰু বন্যজন্তুৰ সংঘাত (Man and Wild life conflict) :
বনাঞ্চল ধ্বংসব ফলত ইয়াৰ আয়তন হ্রাস পোৱাৰ বাবে বন্যজন্ত বিলাকৰ প্রয়োজনীয় বাসস্থানৰ মাটিকালিয়ো কমি আহিছে। বন্যজন্তুবোৰে সিঁহতৰ খাদ্যবস্তুও বনাঞ্চল পৰাই সংগ্ৰহ কৰে; কিন্তু বন্যজন্তুৰ বৃদ্ধিৰ অনুপাতে বনাঞ্চলৰ পাৰিমাণ কমি যোৱাত বনাঞ্চলৰ পৰা জীৱ-জন্তু মানুহৰ বাসভূমিলৈ প্ৰব্ৰজন ঘটি মানুহৰ লগত প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে । ফলত বিভিন্ন আগ্নেয়াস্ত্র প্রয়োগ কৰি এই বন্যজন্তুবোৰক হত্যা কৰা হৈছে। এইদৰেই এতিয়া মানুহ বন্যজন্তুৰ সংঘাত এটা খুব স্পর্শকাতৰ বিষয় হৈ পৰিছে। জনসংখ্যাৰ বিস্ফোৰণ, মানুহৰ বাসস্থানৰ সম্প্ৰসাৰণ, কৃষি উদ্যোগৰ সম্প্ৰসাৰণ, অৰণ্যৰ পৰা খৰি, ইন্ধন লুণ্ঠন আদি কার্যসমূহে মানুহ আৰু বন্যজন্তুৰ এই সংঘাতত বেছিকৈ অৱদান আগবঢ়াইছে। উদাহৰণস্বৰূপে, ১৯৯০ চনৰ পৰা গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণৰ লগে লগে জনবসতিপূর্ণ অঞ্চলত নাহৰফুটুকী বাঘৰ অনুপ্ৰৱেশ ঘটিছে। অসমত মানুহ-হাতী সংঘাতৰ ঘটনাও অনেক বৃদ্ধি পাইছে। অসমত প্ৰত্যেক বছৰে গড়ে ৪০ জনতকৈও বেছি মানুহ এই সংঘাতত মৃত্যু হৈছে। অসমৰ শোণিতপুৰ জিলাত যোৱা দশকত ১০০ জনৰো অধিক লোক আৰু ৯০ টাতকৈ অধিক হাতীৰ মৃত্যু হৈছে বুলি বিবৃতি পোৱা গৈছে

জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ(Conservation of Bio-Diversity) :
প্ৰজাতি বিলাকৰ বিভিন্ন জিনীয় অংশৰ বাণিজ্যিক গুৰুত্বৰ লগতে ইয়াৰ ঔষধি আৰু পৰিবেশিক গুৰুত্বৰ বাবে জৈৱ বৈচিত্র্যতাৰ মূল্য সৰ্বাধিক হয়। প্রকৃতি প্রদত্ত এই জৈৱ বৈচিত্র্যতার সৌন্দর্য মানুহে উপভোগ কৰিব পাৰে; কিন্তু ইয়াক ধ্বংস কৰাৰ অধিকাৰ নাই । বিভিন্ন কাৰণত জৈৱ বৈচিত্র্যতাৰ প্ৰতি অহা ভাবুকিক প্রত্যাহ্বান রূপে গ্রহণ কৰিব

পৰাকৈ দুই ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে
(১) বাসভূমিতে সংৰক্ষণ (In situ conservation)
(২) বাসভূমিৰ পৰা আঁতৰত সংৰক্ষণ (Ex situ conservation )

বাসভূমিতে সংৰক্ষণ : বৰ্তমান ভাৰত বৰ্ষত ৭ টা জৈৱ মণ্ডল, ৪০ খন ৰাষ্ট্ৰীয় উদ্যান, ৪২০ খন বন্যপ্রাণী উদ্যান, ১২০ খন উদ্ভিদ উদ্যান আছে। এই বিলাকে ভাৰতবৰ্ষৰ মুঠ মাটি কালিৰ ৪ শতাংশ অধিকাৰ কৰি আছে। জৈৱমণ্ডলবোৰত, বৈশিষ্ট্যতাৰ ভিত্তিত কেতবোৰ সৰু সৰু জৈৱমণ্ডল ইয়াৰ বাসভূমিতে সংৰক্ষণৰ ব্যৱস্থা কৰা আছে। একোটা জৈৱ মণ্ডলত এখন বা দুখন ৰাষ্ট্ৰীয় উদ্যান থাকিব পাৰে । ৰাষ্ট্ৰীয় উদ্যানবোৰৰ মাটিকালি আৰু ইয়াৰ বনাঞ্চলক বন্যপ্রাণী সংৰক্ষণৰ বাবে উৎসর্গা কৰা হয়। প্রত্যেকখন ৰাষ্ট্ৰীয় উদ্যানে এটা নিৰ্দিষ্ট প্ৰজাতি সংৰক্ষণৰ দায়িত্ব লয়।উদাহৰণ স্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় সংৰক্ষণ দায়িত্ব দিয়া হৈছে। পৰিবেশ পৰ্যটনৰ প্ৰসাৰণত ৰাষ্ট্ৰীয় উদ্যানসমূহে গুরুত্বপূর্ণ ভূমিকা লয় । বন্যপ্রাণী উদ্যান সমূহত উদ্ভিদৰ লগতে বন্য জীব জন্তুৰ চিকাৰ, হত্যা বা কর্মী কৰা ইত্যাদি কামৰ সম্পূর্ণ বাধা নিষেধ থাকে । এইদৰে প্ৰজাতিবোৰৰ উৎপত্তি আৰু বিকাশ য'ত হৈছিল তাতে ইহঁতক সংৰক্ষণৰ ব্যৱস্থা কৰাকে বাসভূমিতে সংৰক্ষণ (In situ conservation) বোলা হয়।
বাসভূমিৰ বাহিৰত সংৰক্ষণ: এই ব্যৱস্থাৰ যোগেদি বন্য প্রাণী আৰু গছ-গছনি বিলাকক উদ্ভিদ উদ্যান, চিৰিয়াখানা সংৰক্ষিত অঞ্চলত সংৰক্ষণৰ ব্যৱস্থা কৰি জিনীয় বৈশিষ্ট্য, পরাগরেণু, বীজ, কোষ-কলা, ডিএন এৰ ভঁৰাল হিচাপে ব্যৱহাৰ কৰা হয়। বাসভূমিৰ বাহিৰত সংৰক্ষণৰ কেইটামান উল্লেখযোগ্য ব্যৱস্থা হৈছে:-
১। বীজৰ জিনীয় উপাদানৰ ভঁৰাল আৰু সংৰক্ষণ।
২। পথাৰ শস্যৰ জিনীয় উপাদানৰ ভঁৰাল আৰু ইয়াৰ সংৰক্ষণ।
৩। ক্ৰায়' সংৰক্ষণৰ যোগেদি বীজব জিনীয় উপাদানবিলাকৰ ওপৰত অতি কম উষ্ণতাত তৰলীকৃত নাট্ৰ'জেনত সংৰক্ষণৰ ব্যৱস্থা। ৪। প্রায় পোন্ধৰ শ উদ্ভিদ উদ্যানত কিছুমান লাগতিয়াল আৰু লুপ্তপ্রায় ঘাঁহ, বন,গছ-গছনিৰ সংৰক্ষণ।
৫। প্রায় ৮০০ শ খন চিৰিয়াখানা তিনি হাজাৰ মেরুদণ্ডী প্ৰাণীৰ সংৰক্ষণৰ ব্যৱস্থা ইত্যাদি।

-আগবঢ়াইছে তপন পায়েংঙে

সহায়ক গ্ৰন্থ(স্নাতক মহলাৰ পৰিৱেশ অধ্যয়ণ)

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1