Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

উচ্চ শিক্ষা স্তৰত নিৰ্দেশনা(Guidance at Higher Education level)

 বিষয়:-উচ্চ শিক্ষা স্তৰত নিৰ্দেশনা(Guidance at Higher Education level)

Presentation


বিষয়:-উচ্চ শিক্ষা স্তৰত নিৰ্দেশনা(Guidance at Higher Education level)
                   সূচী-প‌ত্ৰ
 ০.০০:-অৱতৰণিকা
০.০১:-বিষয়বস্তৰ পৰিচয়
০.০২:-অধ্যয়নৰ উদ্দেশ্য
০.০৩:-অধ্যয়নৰ পৰিসৰ
০.০৪:-অধ্যয়নৰ প্ৰদ্ধতি
০.০৫:-অধ্যয়নৰ প্ৰয়োজনীয় তা
১.০০:-মুলবিষয়বস্ত
২.০০:-উপসংহাৰ  
৩.০০:-সহায়ক গ্ৰন্থপজ্ঞী
উচ্চ শিক্ষা স্তৰত নিৰ্দেশনা(Guidance at Higher Education level)



০.০০অৱতৰণিকা:- নিৰ্দেশনা হৈছে ব্যক্তিক নিজৰ লগত, আনৰ লগত আৰু পৰিবেশৰ লগত সমাযোজন কৰিবলৈ শিকোৱা এক প্ৰ‌ক্ৰিয়া। নিৰ্দেশনাই ব্যক্তিক ব্যক্তিগত প্ৰয়োজন পূৰণ আৰু সামাজিক সমাযোজনত সহায় কৰা এক প্ৰ‌ক্ৰিয়া যিটো ব্যক্তিৰ জন্ম ৰ পৰা মৃত্যু পৰ্যন্ত প্ৰয়োজন হয়।সেয়ে নিৰ্দেশনা বুলি ক'লে শিক্ষাৰ্থীৰ ভৱিষ্যৎ জীৱনৰ বাবে প্ৰস্তুত কৰি তুলিবৰ বাবে সামাজিক প্ৰস্থিত উন্নত কৰিবৰ বাবে নিজৰ যোগ্যতা আৰু সামৰ্থ বৃদ্ধি মানসিক ক্ষমতা, ব্যক্তিত্বৰ বিশেষত্ব  নিজৰ আৰ্থ -সামাজিক অৱস্থা আৰু প্ৰয়োজন সম্পৰ্কে জ্ঞান লাভ কৰিবৰ বাবে আগবঢ়োৱা সহায়ক বুজা যায়।

০.০১বিষয়বস্তুৰ পৰিচয়:- আমাৰ অধ্যয়নৰ বিষয়বস্তু হৈছে উচ্চ শিক্ষা স্তৰত নিৰ্দেশনা । উচ্চ শিক্ষাক সাধাৰণ শিক্ষা নুবুলি বিশিষ্ট শিক্ষা বা জ্ঞানৰ বিশেষীকৰণৰ শিক্ষাহে বুলিব পাৰি। এই  শিক্ষাই সমাজৰ বিশেষ সমস্যাবোৰৰ ওপৰত প্ৰণালীবদ্ধ আৰু বিশ্লেষণাত্মক উদ্ভাৱন কৰাত সহায় কৰে। 
০.০২অধ্যয়নৰ উদ্দেশ্য:-উক্ত আলোচনা পত্ৰখনৰ  উদ্দেশ্য হৈছে উচ্চ শিক্ষা স্তৰত কেনেধৰণৰ নিৰ্দেশনা দিব লাগে বা উপযোগী হয়। এই বিষয়ে পুংখানুপুংখ ভাবে বিশ্লেষণ কৰা আৰু জ্ঞান আহৰণ কৰাই হল আমাৰ আলোচনা পত্ৰখনৰ উদ্দেশ্য।
 

০.০৩অধ্যয়নৰ পৰিসৰ:-উক্ত আলোচনা পত্ৰখনৰ পৰিসৰ অতি ব্যাপক। পত্ৰখন প্ৰস্তুত কৰোতে উচ্চ শিক্ষা স্তৰত নিৰ্দেশনা বিভিন্ন দিশৰ বিষয়ে ইয়াৰ পৰিসৰ অন্তৰ্ভুক্ত কৰা হৈছে।

০.০৪অধ্যয়নৰ পদ্ধতি:- উক্ত আলোচনা পত্ৰখন প্ৰস্তুত কৰোতে দুটা পদ্ধতি ব্যৱহাৰ কৰা হৈছে।
১/‌দশমিক পদ্ধতি।
২/বৰ্ণনামূলক পদ্ধতি।
০.০৫অধ্যয়নৰ প্ৰয়োজনীয়তা:- নিৰ্দেশনা হৈছে ব্যক্তিক ব্যক্তিগত প্ৰয়োজন পূৰণ আৰু সামাজিক সমাযোজনত সহায় কৰা এক প্ৰ‌ক্ৰিয়া ।যিটো ব্যক্তিৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত প্ৰয়োজন হয়। সেয়ে উচ্চ শিক্ষা পৰ্যন্ত প্ৰয়োজন হয়। সেয়ে উচ্চ শিক্ষা স্তৰত কেনেধৰণৰ নিৰ্দেশনা উপযোগী হয় সেই সমূহ জানিবৰ বাবে অধ্যয়নৰ প্ৰয়োজনীয়তা অতিগুৰুত্বপূৰ্ণ।


১.০০:-মূল বিষয়বস্তু:- উচ্চ শিক্ষাক সাধাৰণ শিক্ষা নুবুলি শিক্ষা বা জ্ঞানৰ বিশেষীকৰণৰ শিক্ষাহে বুলিব পাৰি। এই শিক্ষাই সমাজৰ বিশেষ বিশেষ সমস্যাবোৰৰ ওপৰত প্ৰণালীবদ্ধ আৰু বিশ্লেষণাত্মক ভাৱ অধ্যয়ন কৰি উপযুক্ত সমাধানৰ উপায় উদ্ভাৱন কৰাত সহায় কৰে।
১/ উচ্চ শিক্ষা স্তৰত ব্যক্তিগত সামাজিক নিৰ্দেশনা।
২/উচ্চ শিক্ষা স্তৰত শৈক্ষিক নিৰ্দেশনা।
৩/ উচ্চ শিক্ষা স্তৰত বৃত্তিমূলক নিৰ্দেশনা।

২.০০উপসংহাৰ:-উচ্চ শিক্ষা স্তৰত নিৰ্দেশনা বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ শৈক্ষিক দিশত নিৰ্দেশনা ভাল ফলৰ বাবে অতি প্ৰয়োজন ।ই এক ব্যতিক্ৰমী দিশ, সামাজিক দিশত উচ্চ শিক্ষাক মূল্যবোধৰ নিৰ্দেশনা দৃষ্টি পাত কৰি তাৰ সঠিক নিৰ্ধাৰণ কৰিব পাৰি। স্কুলীয়া পৰ্য্যায়ত যি শিক্ষা নিৰ্দেশনা দিয়া হয়।সেই নিৰ্দেশনা অধিক উন্নতমানৰ হোৱা উচিত আৰু সেই নিৰ্দেশনা সমান্তৰাল ভাৱে উচ্চ শিক্ষা স্তৰত নিৰ্দেশনা উচ্চ পৰ্যায়ৰ নিৰ্দেশনা দিয়া উচিত। যাতে সাম্প্ৰতিক কালত উচ্চ শিক্ষাৰ মানদণ্ড প্ৰাপ্তি কৰিব পাৰি।

৩.০০ সহায়ক গ্ৰন্থপঞ্জী :-
গ্ৰন্থ:- শ‌ইকীয়া তৰুণ, শ‌ইকীয়া বৰা ৰুণু, চলিহা ড° বেদ কুমাৰ --- "নিৰ্দেশনা আৰু  পৰামৰ্শদান"
                           ধন্যবাদ 🙏

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1