লিখিত যোগাযোগত বিৰাম চিহ্নৰ ব্যৱহাৰ |
লিখিত যোগাযোগত বিৰাম চিহ্নৰ ব্যৱহাৰ
লিখিত যোগাযোগত বিৰাম চিহ্নৰ প্ৰয়োগ
লিখিত যোগাযোগত বিৰাম চিহ্ন
মৌখিক যোগাযোগৰ ক্ষেত্ৰত যেনেকৈ কওতাজনে কোৱাৰ মাজে মাজে সাময়িক বিৰতি লয়,লিখিত যোগাযোগতো তেনেকৈ পাঠকক সাময়িক বিৰতি দিবৰ বাবে তথা ভাব অধিক স্পষ্ট ৰূপত দাঙি ধৰিবৰ বাবে কিছুমান নিৰ্দিষ্ট বিৰাম চিহ্নৰ ব্যৱহাৰবকৰা হয়। শব্দ আৰু শব্দ প্ৰয়োগ ,বাক্য গাঁথনি তথা অনুচ্ছেদ বিভাজন, অনুচ্ছেদৰ গঠন সম্পৰ্কীয় বিভিন্ন দিশৰ দৰেই উপযুক্ত বিৰাম চিহ্নৰ প্ৰয়োগো প্ৰভাৱশালী লিখিত যোগাযোগৰ মৌলিক কথা। এই বিৰাম চিনবিলাকে বিভিন্ন বাক্যবিলাকৰ গঠন নিৰ্দেশিত কৰে আৰু বাক্যৰ অৰ্থবোধতো সহায় কৰে। সেই বুলি ভাবটো স্পষ্টৰূপত প্ৰেৰণ কৰিবৰ কাৰণে অনিবাৰ্য হৈ পৰা বিৰাম চিনৰহে প্ৰয়োগ লেখকে কৰা উচিত।কথাটো বা কথাখিনি বুজাবৰ কাৰণে যদি অত্যধিক চিহ্ন প্ৰয়োগৰ আৱশ্যকতা উপস্থিত হোৱা যেন লাগে,তেনে কৰাতকৈ অৰ্থাৎ অত্যধিক বিৰাম চিহ্নৰ প্ৰয়োগ কৰাতকৈ বাক্যৰ গ্ৰন্থকে সলাই পেলোৱাৰ যত্ন কৰা উচিত।মুঠৰ ওপৰত লেখকে এই কথা মনত ৰখা উচিত যে বিৰাম চিহ্নসমূহ লেখক জনৰ ভাবপ্ৰেৰণ কাৰ্যৰ ঢোকা- ভেজাঁ বা লাখুটি স্বৰূপ নহয়, বৰণ্স পাঠকৰ ভাব গ্ৰহণৰ সহায়ক স্বৰূপেহে এইবিলাকৰ ব্যৱহাৰ কৰা হয়।
পুৰণি অসমীয়া বা প্ৰায়বিলাক ভাৰতীয় ভাষাতে মাত্ৰ দুই ধৰণৰ যতি বা বিৰাম চিহ্নৰহে প্ৰয়োগ হৈছিল।সেয়া আছিল- এক দণ্ড আৰু দ্বিদণ্ড,অৰ্থাৎ এডাল দাঁৰি আৰু দুডাল দাঁৰি। লম্বৰ দৰে এডাল থিয় ৰেখা অৰ্ধবিৰাম আৰু এনেকুৱা দুডাল ৰেখা পূৰ্ণবিৰামৰ কাৰণে ব্যৱবহাৰ কৰা হৈছিল । বৰ্তমান সময়ত ভাৰতীয় ভাষাসমূহত ভালেসংখ্যক বিৰাম বা যতিচিহ্নৰ ব্যৱহাৰ কৰা হয়। তাৰ ভিতৰত পূৰ্ণবিৰামৰ কাৰণে এডাল দাঁৰি ব্যৱহাৰৰ বাহিৰে বাকি সকলোবিলাক চিহ্নই ইংৰাজী ভাষাৰ মাধ্যমেৰে ইউৰোপৰ পৰা অহা।
২.৪.১ পূৰ্ণ বিৰাম: বাক্যৰ সমাপ্তিত সাধাৰণতে দাঁৰিৰ চিনেৰে পূৰ্ণ বিৰামৰ সূচনা দিয়া হয়। পোনপটীয়া প্ৰশ্ন আৰু কেতিয়াবা সন্দেহ ,অনিশ্চয়তা আদিৰ ভাবেৰে বাক্যৰ সমাপ্তি ঘটিলে কিন্তু দাঁৰিৰ ঠাইত প্ৰশনবোধক চিন(?)ৰহে ব্যৱহাৰ হয়। যেনে--
(১) কিমান টকাত কিনিলা?( পোনপটীয়া প্ৰশ্ন)
(২) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি বেজবৰুৱা?(সন্দেহ)
(৩) সমিতিৰ আটাইকেইজন সদস্যকে জনোৱা হৈছিল?(অনিশ্চয়তা)।
(◼) লঘু বিৰাম: অসমীয়াত সাধাৰণতে এই লঘু বিৰামৰ বাবে ইংৰাজী 'কমা' শব্দটোকে ব্যৱহাৰ কৰা হয়। বিভিন্ন বিৰামৰ ভিতৰত কমা হ'ল সবাতোকৈ কম সময়ৰ বিৰতি। কেইবাটাও ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হয়। একেধৰণৰ কেইবাটাও শব্দ (পদ) একেলগে ব্যৱহাৰ সৰ্বাধিক ৰূপত কৰা হয়। উদাহৰণ স্বৰূপে--
বাণিজ্য,প্ৰযুক্তি আৰু চিকিৎসা সম্পৰ্কত বিশেষভাবে আলোচনা কৰাৰ কথা।
কমা চিহ্নৰ ব্যৱহাৰ সম্বোধনসূচক শব্দৰ পিছতো হয়- মহাশয়, পত্ৰে নমস্কাৰ গ্ৰহণ কৰিব।
হঠাৎ অথবা অজানিতে মুখৰ পৰা ওলাই অহা অভিব্যক্তিক বাক্যৰ বাকী অংশৰ পৰা বিভাজন কৰিবলৈকো কমাৰ আশ্ৰয় লোৱা হয়।যেনে---
(১) ৰ'ব, মই কোৱা কথাটো আপুনি বুজা নাই।
(২) আৰে , মইচোন সেইবোৰ একো নাজানো।
উদাহৰণ স্বৰূপে, যেনে , সি যি নহওঁক , তদুপৰি , আকৌ আদিৰ নিচিনা পদৰ পিছতো কমাৰ ব্যৱহাৰ হয়--
(১) সি যি কি নহওঁক , আমি এতিয়া মূল কথালৈ আহোঁ।
(২) তদুপৰি ,আমাৰ মানসিকতাৰ পৰিবৰ্তনৰ কথাটোও আছে।
(৩) উদাহৰণ স্বৰূপে , আমি পুৰণি কিছুমান ৰীতি- নীতিত আঁকোৰগোঁজ।
এটা সম্পূৰ্ণ বাক্যাংশ বাকী অংশৰ পৰা বেলেগ কৰি দেখুৱাবলৈকো কমাৰ ব্যৱহাৰ হয় -
কাৰ্যকৰী সমিতিয়ে যিখিনি কৰিব লাগে কৰিলে, এতিয়া বাকী সাধাৰণ সভাই যি সিদ্ধান্ত লয় লব।
মৌখিক বাক্যৰ অন্তৰ্গত ( লিখিত ৰূপত উপস্থাপন কৰাৰ সময়ত) একোটাহঁত উপবাক্য বা বাক্যাংশৰ পিছত কমাৰ ব্যৱহাৰ হয় -
বিজ্ঞাপন দিলোঁ, এশৰ ওপৰ দৰ্খাস্ত পালোঁ, কাইলৈ সাক্ষাৎকাৰ লোৱাৰ দিহা কৰিছোঁ।
বাক্যৰ অন্তৰ্গত উদ্ধিতি এটা বাক্যৰ বাকী অংশৰ পৰা পৃথক কৰিবলৈ -
যোৱাৰ সময়ত ক'লে, " শুভৰাত্ৰি"।
বাক্যৰ ভিতৰত কোনো উপাধি, পদবী আদি; তাৰিখ ঠিকনা বা ঠিকনাৰ অংশ পৃথক কৰিবলৈ -
(১) ড: কুলেন্দু পাঠক , উপাচাৰ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়।
(২) ১৭ ছেপ্টেম্বৰ , ২০০৫ চন।
(৩।)অসমীয়া বিভাগ , ডিব্ৰুগড়
বিশ্ববিদ্যালয়।
সংখ্যাৰ ক্ষেত্ৰত কোটি, লাখ , হাজাৰ আদি পৃথকভাৱে দেখুৱাবলৈ কমা ব্যৱহাৰ কৰা হয় -
৯৮,৫০৬
১৫,৯৮,৫০৬
৬,১৫,৯৮,৫০৬
(◼)অপূৰ্ণ বিৰাম : কমা বা লঘুবিৰামতকৈ অপূৰ্ণ বিৰামৰ বিৰতিৰ দৈৰ্ঘ্য কিছু বেছি। দুটা সমান্তৰাল অভিব্যক্তিক যেতিয়া একেটা বাক্যতে স্পষ্টভাৱে পৃথক কৰি দেখুৱাব লগীয়া হয় তাত অপূৰ্ণ বিৰাম চিহ্নৰ প্ৰয়োগ হয় -
গান আৰু কবিতাৰ কথা থাকক; কাম আৰু আঁচনিৰ কথা পাতোঁ।
(◼)কলন:- কোনো তালিকা দিয়াৰ আগত সেই সম্পৰ্কীয় উল্লেখৰ পাছত অৰ্থাৎ দুয়োটাৰ মাজত ,কোনো শীৰ্ষক এটা বিষয়ত উত্থাপন কৰি সেই সম্পৰ্কে তাৰ পৰিচয় পৰিসৰ আদি সম্পৰ্কত স্পষ্ট কৰাৰ আগত আদিবোৰত কলন চিন ব্যৱহাৰ কৰা হয়।
(◼)উৰ্দ্ধকমা:- স্বাভাৱিক উচ্চাৰণতকৈ কোমল আৰু কিছু দীঘল উচ্চাৰণৰ বাবে নিৰ্দ্দেশক চিন বৰ্ণৰ পিছত মাত্ৰাৰ সমানত কমা চিন দিয়া হয়- যেনে -- গ'ল,হ'ল আদি।
(◼)বন্ধনী :- মূল বাক্যৰ লগত গাথঁনিতগত সম্বন্ধ নথকা বাক্যাংশ কিছুমান বাক্যৰ মাজতে বন্ধনীৰ ভিতৰত ৰখা হয় । লেখকে সাধাৰণতে - মুল বাক্যৰ মাজতে বন্ধনীৰ ভিতৰত অতিৰিক্ত মন্তব্য কৰিলে ব্যৱহাৰ কৰা হয়।
তলৰ কিতাপটো কিনিবলৈ কিতাপৰ ফটোত ক্লিক কৰক নতুবা ইয়াৰ মূল্যটো ক্লিক কৰক। দ্ধিতীয় ষন্মাসিকৰ বাবে গুৰুত্বপূৰ্ণ ।
ক্লিক কৰা |
PDF ৰ ৰূপত পাবলৈ তলৰ শব্দটো ক্লিক কৰক