Hot Widget

Type Here to Get Search Results !

Ads

সলনি হবৰে হ'ল◼তপন পায়েং

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

 সলনি  হবৰে  হ'ল

বিশেষ কাৰণতে আমাৰ চাৰিকাষৰ পৰিৱেশ পৰিস্কাৰ হৈ থাকে যেনে দেশৰ ৰাষ্ট্ৰপতি বা দেশৰ প্ৰধানমন্ত্ৰীয়ে কোনো এটা দিন নিৰ্ধাৰন কৰি অহাৰ পূৰ্বেই আহিবলগীয়া ঠাইখন বা জিলাখনৰ ৰাস্তা-ঘাটবোৰ ৰং কৰি সজোৱা হয় ,চাফ-চিকুণকৈ ৰখা হয় আৰু এনেধৰনৰ উদাহৰণবোৰ টি বিয়ে ,বাতৰি-কাকতে ছবিবোৰ দেখিবলৈ পাইয়েই থাকো । যেনেকৈ ঘৰলৈ আলহী নাহিলেওঁ ঘৰখন চাফ-চিকুণকৈ ৰাখো নিয়মশৃংখলাত ঠিক তেনেদৰে আমাৰ চহৰখন বা গাওঁখনক পৰিস্কাৰকৈ ৰাখিব নোৱাৰিমনে? মানি লৈছো যিখন দেশত বা ৰাজ্যত বিমল-গোটকা,শিখৰৰ বেনাৰ ডাঙৰকৈ বনাই বিজ্ঞাপন দিয়া হয় এইখন দেশত নিশ্চয়  বিমল,শিখৰৰ প্ৰতি আসক্তি হোৱা মানুহ থাকিবই আৰু আছে কিন্তু এইবুলিয়েই নিজৰ আপোন চহৰখনৰ বাটবোৰত পিক পেলাই পৰিৱেশ বিনষ্ট কৰিবটো নালাগে । এটা নিৰ্দিষ্ট স্থানত এই কাম কৰক । কাৰণ এই পিকৰ দ্বাৰা পৰিৱেশ বিনষ্ট হোৱাৰ লগতে বেমাৰ বিয়পাৰো কাৰণ থাকিব পাৰে যিটো আমি জ্ঞাত । তাৰ পিছতো নকৰিবলগীয়া কামকেই বাৰে বাৰে কৰা দেখা যায় কোনোবাই গাড়ীৰ ভিতৰৰ পৰা আৰু আনকোনোবাই  বাইক চলাই গৈ থাকোতেই । আমি এনে কামবোৰ বেলেগ স্থানত কৰিব নোৱাৰিমনে ? বাৰু ! আমি আমাৰ চহৰ বা গাওঁখনৰ বাটবোৰ সুন্দৰকৈ ৰাখিব নোৱাৰিমনে ?আহক আমি এনে সংকল্পমূলক কাম সমুহ অভ্যাহত ৰাখো ॥

নাম:- তপন পায়েং
ঠিকনা
       জিলা:লখিমপুৰ
        ৬০০২০৭৬৮৮৬

সলনি  হবৰে  হ'ল




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1