Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

এই বৰষুণ জাক বৰ বদমাচ হ'ল◼কাৰ্চাং তাকাৰ

 এই বৰষুণ জাক বৰ বদমাচ  হ'ল

◼তপন পায়েং

অভিযোগৰ ঠাল-টোপোলাৰে মেট মৰা শৰাইৰ ভাৰ, মোৰ হাততেই সৰগিত কৰিছে বৃষ্টি তোমাৰ হাজাৰটা কাৰণত  ,হাজাৰ দেশৰ  এই গুলপীয়া ৰঙৰ পখিলাকেইজনীয়ে । কি ? তুমি ইমান নিষ্টুৰ হ'লা অথচ তোমাৰ প্ৰেমীক কৃষকৰ বাবে । বৰষালৈ বহুতো বাকী আছে,এতিয়াৰ পৰাই সাজুনে প্ৰেমীকক সন্তুষ্ট কৰিবলৈ । ভগ্নী ফাগুনীৰ কথাওঁ ভাৱাছোন  ,আজি ফাগুনী আৰু তাইৰ সখীৰ সৈতে তোৰ অভিযোগ "এই বৰষুণজাক বৰ বদমাচ হ'ল" ॥ চুলিত বিবেল ,চানচিল্কৰ চেম্পুৰ সুগন্ধিবোৰ কিয়নো ধুইছা  ,প্ৰেমীকৰ বাইকৰ পিছফালে বহি যাব কলেজলৈ ,বতাহত উৰিব চানচিল্ক চেম্পুৰে ধোৱা চুলিবোৰ , সুগন্ধিবোৰ সমীৰতে বিয়পিব আৰু হাজাৰটা ভ্ৰমৰৰ কলেজলৈ অহাৰ কাৰণ  হ'ব ,তুমি আহি লগালা জঞ্জাল পখিলাকেইজনীৰো জ্বৰ ,ভুন-ভুনাই থকা ভুঞাৰো ৰোগ ,নিৰৱ পখিলা-ভ্ৰমৰ লীলাৰ ঠাই হাজাৰ দেশ । কিয়নো ভাঙিছা সেই স্বপ্নবোৰ ,কিয়নো ধুলা চুলিকোচাত লুকাই থকা সুগন্ধি ফুলৰ চেম্পুৰ সুবাস বোৰ । সচাকে তই বৰ বদমাচ ।

এই বৰষুণ জাক বৰ বদমাচ  হ'ল


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1