Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

জলচ্ছেদ ব্যৱস্থাপনা (Watershed Management):

 

জলচ্ছেদ ব্যৱস্থাপনা (Watershed Management):

জলচ্ছেদ ব্যৱস্থাপনা (Watershed Management):

ভূপৃষ্ঠব যি অংশৰ পৰা চৌদিশে নৈয়ে গতি কৰে, তেনে অংশক জলচ্ছেদ বোলা হয়। প্রাকৃতিক সম্পদসমূহৰ যুক্তিসংগত ব্যৱহাৰৰ যোগেদি স্থিতিযোগ্যভাৱে মাটিৰ শস্য উৎপাদন ক্ষমতা বৃদ্ধি কৰাটোৱেই জলচ্ছেদ উন্নয়নৰ উদ্দেশ্য। জলচ্ছেদ উন্নয়নে মাটিৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি কৰে। জলচ্ছেদসমূহৰ উপযুক্ত পৰিচালনাৰ যোগেদি ভূ-সম্পদ আৰু জলসম্পদৰ যুক্তিপূর্ণ ব্যৱহাৰ কৰিব পাৰি। আনহাতে ইয়াৰ দ্বাৰা প্ৰাকৃতিক সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ যোগেদি কাম্য উৎপাদন সম্ভৱ কৰি তুলিব পাৰি। জলচ্ছেদৰ সংজ্ঞা হ’ল : “Watershed is defined as the land area from which water drains under gravity to a common drainage channel. Thns watershed is a delineated area with a well-defined topographic boundary and one water outlet." জলচ্ছেদসমূহে জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাহক হিচাপে কাম কৰে। জলচ্ছেদসমূহৰ উচিত নিয়ন্ত্রণে নিম্নগামী পানী পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে আৰু খোৱা পানীৰ শক্তি বৰ্দ্ধন করে। জলসংৰক্ষণ আৰু বন্যভূমি সৃষ্টিৰ ক্ষেত্ৰত জলচ্ছেদসমূহৰ গুৰুত্ব অসীম। জলচ্ছেদ পৰিচালনাৰ জৰিয়তে জলসিঞ্চনৰ ব্যৱহাৰ কৰা হয়। ই অঞ্চলটোৰ অর্থনীতিত উন্নয়নৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰে কাৰণ ইয়াৰ পৰা জলশক্তিৰ উৎপাদন কৰা হয়, পৰিবহণ কাৰ্যত ব্যৱহৃত হয়, উদ্যান শস্যৰ উৎপাদন বৃদ্ধি, মরুভূমিকৰণ, বানপানী সমস্যা বোধ আদি সকলোবোৰ কাৰ্যত ই ব্যৱহৃত হয়।
        হিমালয় অঞ্চলটোৱেই হ'ল বিশ্বৰ ভিতৰত সবাটোকৈ জটিল জলচ্ছেদ। এই অঞ্চলতেই দেশৰ অধিক সংখ্যক জলচ্ছেদ আছে। আমাৰ দেশতো জলচ্ছেদ উন্নয়নৰ জৰিয়তে কিছুমান অনুৰ্বৰ ভূমি কৃষিকাৰ্যৰ বাবে উপযোগী কৰি তোলা হৈছে। ই ব্যক্তি অথবা পৰিয়ালৰ লগতে দেশৰ অৰ্থনীতিতো উল্লেখনীয় অবদান যোগাব বুলি আশা কৰিব পাৰি। বৰ্দ্ধিত জনসংখ্যাৰ হেঁচাৰ লগতে কিছুমান অপৰিকল্পিত নিয়ন্ত্রণহীন আৰু অবৈজ্ঞানিক কার্যকলাপে জলচ্ছেদসমূহৰ ক্ষয় সাধন কৰিছে। খনন, ভূমিক্ষয়, নির্মাণকার্য, উদ্যোগীকৰণ আদি কাৰ্যই জলচ্ছেদসমূহত কু-প্ৰভাৱ পেলোৱাৰ পৰিণতিত এই জলচ্ছেদসমূহৰ উপযুক্ত ব্যৱস্থাপনাৰ অতি প্রয়োজন হৈছে। ভাৰতবৰ্ষত ১৯৪৭ চনত প্ৰথম দামোদৰ উপত্যকা ক'ৰূপৰেচনে (Damodar Valley Corporation) প্রথম জলচ্ছেদ ব্যৱস্থাপনা আৰম্ভ কৰিছিল।

জলচ্ছেদ সমূহৰ বৈশিষ্ট্য (Characteristics of Watershed Management) :

1) এইসমূহ হ'ল একোটা ওখ অঞ্চল যৰ পৰা সাগৰ বা নদীলৈ পানীভাগ বৈ আহে।

2) এই সমূহ হ'ল জলসম্পদৰ একো একোটা প্রাকৃতিক গোট। 3) এই সমূহ হ'ল স্পষ্ট সীমিত পৃষ্ঠভূমি।

4) এই সমূহে পানী, মাটি, জীৱ-জন্তু, মানুহ আদিৰ সৈতে জটিল সংবচনাৰ সৃষ্টি কবে।

(5) জলচ্ছেদসমূহৰ ক্ষেত্ৰত আকাৰ্গত পার্থক্য পৰিলক্ষিত হয়।

জলচ্ছেদ ব্যৱস্থাৰ পদ্ধতিসমূহ(Methods of Watershed Management):
(১) জলচ্ছেদসমূহত বেদিকা কৃষিকাৰ্যৰ জৰিয়তে পানীৰ নিৰ্গমন আৰু ভূমিক্ষয়

ৰোধ কৰা।

(২) বনানীকৰণ আৰু কৃষিবনানীকৰণৰ সহায়েৰে ভূমিক্ষয় প্ৰতিৰোধ কৰা।

(৩) বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে খনন কাৰ্য কৰাৰ ব্যৱস্থা কৰা।

(৪) জলচ্ছেদৰ উপৰিভাগত ভাইটেক্স (Vitex) জাতীয় বৃক্ষৰোপণ কৰা।

(৫) জলচ্ছেদ ব্যৱস্থাপনা আঁচনিসমূহত আগভাগ ল'বৰ বাবে জনসাধাৰণক সচেতন কৰি তোলা।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1