Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

ছবি,চুটী গল্প,কাৰ্চা তাকাৰ,তপন পায়েং,লক্ষীমপুৰ তেলাহী কমলাবৰীয়া কলেজ

                               ছবি

ছবি,চুটী গল্প,কাৰ্চা তাকাৰ,তপন পায়েং,লক্ষীমপুৰ তেলাহী কমলাবৰীয়া কলেজ



পুৱাৰ হেঙুলীয়ে  ওখকৈ ,বগা ৰংঙেৰে ৰং কৰা ঘৰখনৰ মাজেৰে পাৰ হৈ গৈছে  ,সুৰ্য্যৰ এই কিৰণক শীৰতে পায় ঘনচিৰিকাহঁতেওঁ উলাহতে নিয়ৰৰ ঘৰৰ চোতালতে জপিয়াই জপিয়াই   নাচিছে ।  নিয়ৰে হাতত চাহঁ কাপ লৈ  ঘনচিৰিকাহতঁৰ আনন্দবোৰ চায় আছিল ,এনেসময়তে সময়তে পুৱাতেই  ডাকোৱালে চিঠি এখন দি আৰু  গন্তব্য হয়। সমুখৰ বাটৰ ইটো দুই মহলীয়া ঘৰ আৰু মাজতে যান্ত্ৰিকতাৰ বাট অনবৰতে লানি-নিচিগা গাড়ীৰ শাৰী থাকে । দেওঁবাৰৰ দিনটোৱে নিয়ৰ সময় পায় আৰু এই দেওঁবাৰতে সমস্ত চহৰৰ বাট-পথকেইটা নিদ্ৰাত পৰে আৰু তেতিয়া এই ঘনচিৰিকাহত নিয়ৰৰ ঘৰৰ চোতালত সমস্ত দিনটোত নাচি থাকে। নিয়ৰৰ আজৰি সময় এই দিনটোতেই নহলে ক'তনো আজৰি থাকে । চৰকাৰী চাকৰিয়াল মানুহ ,দিনটোৰ বাৰ-তেৰ ঘন্টা অফিচত থাকে । দেওঁবাৰৰ দিনটোৱে বৰ বিশেষ দিন কাৰণ দেওঁবাৰতেহে লৰা-ছোৱালীৰ লগত সময়  কটায় ।  নিয়ৰ পেচাত বেংক কৰ্মচাৰী ।  চিঠিখন পায় আচৰিত হৈছে নেকি আপোনাৰ ? বৰ্তমান যুগতো চিঠি লিখেনে বাৰু? ইচ্ছা কৰিলে একমিনিটতে ফোন কৰি কথা পাতিবটো পাৰে ,নিয়ৰৰ কি ফোনৰ অভাৱ নেকি? আচলতে চিঠিখন চন্দ্ৰপুৰ গাৱঁৰ মুহীকান্ত বৰুৱাই নিয়ৰলৈ চিঠি লিখিছে । মুহীকান্ত বৰুৱা আন কোনো নহয়  অৱসৰ প্ৰাপ্ত শিক্ষক ,তেওঁৰ দেউতাক । নিয়ৰৰ দেউতাকৰোটো ফোন আছে ? মুহীকান্তওঁটো নিয়ৰলৈ ফোন কৰিব পাৰে । কথাটো হ'ল মুহীকান্ত বৰুৱা এজন সংস্কৃতি ধৰি ৰখা ব্যক্তি কাৰণ আধুনিকতাৰ পৰিপ্ৰেক্ষিতত চিঠি লিখা কাৰ্যবোৰে শেষ হব ধৰিছে  আৰু এইবোৰৰ কাম আগৰ পৰাই কৰি আহিছে যেতিয়াৰ পৰা নিয়ৰ চহৰত থাকিব লৈছিল । নিয়ৰৰ মা-দেউতা গাৱঁৰ ঘৰত থাকে ।  নিয়ৰে চাহঁ কাপটো টেবুলত থয় চিঠিটো মেলি পঢ়ি চালে । কিছু সময়ৰ পিছত পাকঘৰত নিৰ্মালীক কয়,হেৰি শুনিছানে ?প্ৰেচাৰ কুকাৰৰ শব্দত নুশুনাৰ বাবে আকৌ নিয়ৰে নিৰ্মালীক চিঞৰি কয়, হেৰি শুনিছেনে বাৰু? দেৎ তেৰি কিযে কৰা নহয়?নিয়ৰৰ কথাত নিৰ্মালীয়ে খংঙৰ সুৰত,ইমানকৈ কিনো জুৰ দি মাতি আছা ,মোৰ কাণ বেয়া নেকি? কি কথা কোৱাহিছোন। দেউতাৰ চিঠি এটা আহিছে । নিয়ৰৰ কথাত নিৰ্মালীয়ে আকৌ কয়,কি লিখিছে? মাঘ বিহু আহি পালেহি নহয়,কোমলকৈ চেনেহ প্ৰকাশ কৰি নিয়ৰে  নিৰ্মালীৰ মুখলৈ চায়  আকৌ  কয় কিয়নো ইমানকৈ খংঙ কৰিছানো! হব হব আচল কথাটো কোৱা দেউতাই কি বুলি কৈছে,নিৰ্মালীৰ মুখলৈ চায় নিয়ৰে কলে,মানে বিহু নিচেই ওচৰত পালেহি নহয় সেয়ে আমাক আটাইকে বিহুত আহিবলৈ চিঠিত লিখিছে । ভালেই হল বিহুৰ নামত ঘৰত যে দুদিন থাকিব লাগিব বহুত ভাল পাইছো সেইবুলি নিয়ৰে কলে ।  সেইকেইদিন বহুত হুলস্থুল লগাইছে নিবিড় আৰু জিমিয়ে ,স্কুলৰ পৰীক্ষা শেষ বুলি কি যে উৎপাত টিবিৰ ৰিমৰ্টৰ বাবে কাজিয়া নতুবা মবাইলৰ বাবে কাজিয়া উফ সিহঁতি নহয় মোৰ মুৰখনকে গৰম কৰি পেলাইছে । সেয়ে কালি খংঙতে দুচৰ মান দিলো ,একো এটা সুধিলেওঁ কব পৰা নাই ৰামায়ণ কোনে লিখিছিল? পিছে নিবিড় আৰু জিমিয়ে জানো গাওঁ ভাল পাব । 

নিৰ্মালীৰ কথাত নিয়ৰে কয়,কিয়নো ভাল নাপাব? তেজ আছে গাৱৰ ,নিশ্চয় ভাল পাব আৰু এনহেন গাৱঁত ভাল লগাবলৈ মা-দেউতা আছেই । তুমি চিন্তা নকৰিবা মই ন দি কব পাৰো ককা-আইতাৰ মৰম পায় চহৰ কি টিবি কি সকলো পাহৰি যাব ? হব হব চায় লওঁ এইবুলি নিৰ্মালীয়ে নিয়ৰৰ কথাত কলে।     ঘৰলৈ যাব বুলি তথা-তয়াকৈ  চিঠিৰ উত্তৰত বিহুত ঘৰলৈ যাম বুলি লিখি লেফাফাত ভৰাই ডাকঘৰলৈ ওলাই যায় ।  কাৰণ ডাকঘৰত চিঠিখন ইটোৰ  ইটো ঠাইলৈ  পাওঁতে কেইবাদিনো লাগে সেয়ে তথাতয়াকৈ যায় । বাপেকৰ ওলোৱা দেখি নিবিড়ে সুধে,দেউতা দেউতা তুমি কলৈনো যোৱা ? আৰু হাতত অৰেন্জ কালাৰৰ কাগজখনত কি আছেনো ? নিবিড়ৰ কথাত নিয়ৰে কয়,অহওঁ মই ডাকঘৰলৈ যাওঁ দেই মৰমেৰে কয় । নিয়ৰৰ কথাত আকৌ নিবিড়ে সুধে ডাকঘৰ মানেনো কি? নিবিড় অ পিছত আহি কম দেই তোমাক সকলো ,এইবুলি কয় গাড়ীৰ চাবিখন লৈ ওলাই গুচি যায় । গাড়ীটো  চলাই যাওঁতে এটাই কথা ভাৱি যায় , এনেকোৱা হলে কি হব আজিৰ যুগৰ লৰাবোৰে যদি চিঠিৰ কথা নাজানে? ৰামায়ণৰ কাহিনী যদি নাজানে  কোনে জানিব ?মই বাৰু কত থয় যাম ?এই কথাবোৰ ।

               সমস্ত সংসাৰ বৰ্তমানৰ লৰা-ছোৱালীৰ ওপৰতেই ভৰসা কিন্তু  আজিৰ লৰাকেটায়েই এইবিলাকৰ পৰা পলাই ফুৰে কোনে ৰাখিব ভৱিষ্যতলৈ । সেয়ে মনত এটা কথাই পাঙিছে গাৱঁৰ ঘৰত থকাৰ সময়ছোৱাত সকলো জ্ঞান দিম  দেউতাই সকলো কব। যেনেকৈ মই সৰুতে আইৰ কোলাতে  বহি সাধু শুনিছিলো এইবাৰো ককাঁকে নাতি-নাতিনীয়েকক সাধু শুনাব বুজাব ,চিনাকি কৰাব  আদি সকলো কথাকেই ভাৱি  চলাই গৈছে। নহলে বৰ দুখৰ কথা ।  কিন্তু দেওঁবাৰত জানো ডাকঘৰৰ খুলে , নিয়ৰে অথচ পাহঁৰি গৈছে । দেওঁবাৰৰ দিনাখন যে ডাকঘৰ বন্ধ । আনন্দত সকলো পাহৰিছে কাৰণ সি আৰু এখেতৰ পত্নীসহ  গাৱঁলৈ যোৱাৰ কথা । আধা বাটতে দেওবাৰ বুলি গম পায় ঘুৰাই যায়  ঘৰলৈ ॥ নিয়ৰৰ উশাহ- শুক-শুকাইদি অৱস্থা যেনি-তেনি কোনো মতে ঘৰলৈ আহি পাইছে । শুকাই যোৱা দেখি নিৰ্মালীয়ে কলে কি হল আকৌ তোমাৰ ।মই আজি পাহৰিলোছিলেই  আজি যে দেওঁবাৰ ,মাজবাটতে আজি দেওঁবাৰ বুলি মনত পৰি আকৌ ঘুৰি আহিলো ..(উশাহ দীঘলীয়াকৈ লৈ কয়)..॥তুমিয়ে একো নুশুনাকৈ গল মইতো কৈছিলোৱেই আজি দেওঁবাৰ বুলি নাই আপুনি নুশুনেই নুশুনে ! নিৰ্মালীৰ কথাত নিয়ৰে কয়,বৰ বেয়া লাগিল বুজিছা ? এতিয়া আকৌ কি হ'ল বৰকৈ বেয়া লাগিবলগীয়া হল যে! মানুহৰ কেতিয়াবা হয়েই ,তাত বেয়া লগাবলগীয়া নাই নহয়।  দেৎ তেৰি কথাবোৰ সম্পুৰ্ণকৈ শুনি লোৱাহিছোন তাৰ পিছত কবা আকৌ এইবুলি নিয়ৰে কলে । নিয়ৰৰ কথাত নিৰ্মালীয়ে একান্ত হৈ কি কথা কোৱাছোন? - হেৰা এইযে সিদিনা আমি , লৰা-ছোৱালীৰ এহালৰ সৈতে যে মাক এজনী দেখিছিলো মনত আছে নে আমি যে ঠাণ্ডাৰ বতৰত পিন্ধিবলৈ যে চুৱেটাৰ যে দিছিলো মনত আছেনে বাৰু ?নিয়ৰ অসম্পুৰ্ণ কথাত নিৰ্মালীয়ে কলে কি হ'ল তেখেতৰ ,কিবা সঘটন ঘটিল নেকি ? -অহ হেৰা তেখেতৰ মৰাশহ ড্ৰেনৰ ওপৰত আছিল এডম প্লাষ্টিকৰ মাজত । নিয়ৰৰ এনে কথাত নিৰ্মালীয়ে কলে   ,শুনি বেয়া লাগিল কোনে কৰিলে  বাৰু? মোৰ মতে তেখেতক  কোনোবাই  অত্যা কৰিছে ।  নহলে এনেইটো মৰি নাযায়,দেৎ তেৰি এতিয়া কি হ'ব লৰা দুজনৰ, কত কেনেকৈ খাব। কত থাকিব কেনেকৈ ? আজি কত থাকিব লৰাদুজন । তুমি জানানে সিহঁতৰো সপোন আছিল ,লৰাদুজনৰ মাকে মোক লগ পালেই কয়েই থাকিছিল নৰ্দমাত বটল বুটলি  লৰা দুজনক মানুহ কৰাব এদিন । সিদিনা খনৰ কথাকেই  কওঁ তোমাক। সিদিনা এই যে মানে আমাৰ জিমিৰ যে জন্মদিনৰ বাবে কেবিৰোডৰ ফালে সোমাই যোৱা কেকৰ যে দোকান আছিল তাত যে কেক অৰ্ডাৰ এটা দিছিলো। খংঙতে মই যে কৈছিলো,আগত মোৰ জন্মদিনত মা'ই নামঘৰত গৈ চাকি জ্বলাই  জন্মদিৱস যে পালন কৰিছিল এইবুলি কোৱাত তোৰ আৰু মোৰ মাজত বাক-যুদ্ধ হৈছিল । নিয়ৰে তেনেকৈ হাহিঁ হাহিঁ কোৱাত নিৰ্মালীয়ে কলে, হব হব তহ তহ এতিয়া এই মানুহজনীৰ বিষয়ে কচোন?_হেৰা বৰ বেয়াই লাগিল, কত কিমান যে ঘাত-প্ৰতিঘাট লৈ জীয়াই আছিল অকল তেখেতহে জানে। কেকটো অৰ্ডাৰ কৰোতে ওচৰৰ এচাম বাক-কটাক্ষ কৰি তৰ্জনী আঙুলী দেখুৱাই বলপূৰ্বক কথা । তেখেত নিলাজীবনৰ দৰে বৰষুণত সেমেকী যোৱাৰ দৰে মাথো নিৰৱে সহি আছিল । কোনোমতে মই তেওঁলোকৰ পৰা আতঁৰাই আনিলো নহলে কিযে হলেহেতেন ? নহয় ॥ মানুহজনীৰ বাহ্যিক এক দুৰবস্তা একদম বেয়া যেন বোধ হয় বছৰেকত কোনো দিনে স্নানেই কৰা নাই,চুলী ওখোৰা-মোখোৰা ভগৱান শিৱৰ দৰে জঠাঢাৰী ,চুলিত তেল লগাব পৰাকৈ টকা জানো পায় ,শুনামতে এদিন এসাঁজ খালে দুদিনলৈ বাট চাবলগীয়া হয় ইপালে দুই-লৰা-ছোৱালীয়ো আছে । মই মানুহজনীক আৰু লৰা-ছোৱালীক হাতত কেকটো লৈ  হোটেল এখনত গৈ ভাত এসাজ  খোৱাবলৈ সোমাইছিলোৱে । বৰ দুখৰ কথা এই সমাজ আৰু কিমান তললৈ যাব,অথচ সেই মানুহজনীৰনো কি দুখ হোটেলৰ মানুহজনে কয় তেখেত আৰু লৰা-ছোৱালী হালে হোটেলটোত ভাত খালে অমংগল হব অন্য মানুহে ইয়ালৈ নহা হব। মানুহজনৰ পৰা মইয়ে কত কথা শুনিলো ,মনে মনে এটা কথাই ভাৱি আছিলো একো নহয় দিয়া তেখেতটো সদায়েই এনেকুৱা কথা শুনিয়েই আছে আজি যেনিবা মইয়েই শুনিলো কথাবোৰ তাতনো মোৰ কি মান হানিব । অৱশেষত খোৱা বস্তুবোৰ টোপোলাত বান্ধি হাতত দিলো ।  মই জানিৱ বিচাৰিছিলো তেওঁলোকৰ নাম ,আচল ঘৰ ক'ত?ঘিৰিয়েক ঢুকালেনে আছে মই বাৰুকৈয়ে জানিবলৈ ইচ্ছুক আছিল কিন্তু একো নকলে ॥ মোৰ প্ৰশ্নত উত্তৰ সলনি অন্য কিবা মনত পুহি ৰখা কথাবোৰকে প্ৰকাশ কৰিছিল ,আমাৰোতো সপোন আছে? সমাজত মানুহ হিচাপে জীয়াই থাকিবলৈ । ভগৱানে আমাৰ কপালত লিখা নাই এইবোৰ কিন্তু হলেওঁ কিবা মোৰ নিজৰ নহলেওঁ মোৰ এই লৰা-ছোৱালীক স্কুলত পঢ়োৱাৰ,অথচ নিজৰ নাম চহী মাৰিব পৰাকৈ । আপুনি জানে সিহঁত দুটিয়ো চিনি বুজি পোৱা হল আমাৰ জীৱন কেনেকুৱা,ৰাস্তাৰ মাজেদি মানুহ দেখিলেই বাওঁহাত দি কয় দাদা কিবা এটা দিয়কচোন । মোক প্ৰশ্ন কৰি থাকে ,মা মা সৌৱা চোৱাচোন লৰা-ছোৱালী কেইটালৈ পিটিত বেগ লৈ  কলৈনো যায়?মই কি বুলি উত্তৰ দিম ,যত এসাজ খাবলৈ এসসপ্তাহ লাগে। তেখেতৰ কথাবোৰ শুনি  অশ্ৰাদিত হৈ হাতত কেকৰ মোনাটো লৈ উভতি আহিলো আৰুনো কি কৰিব পাৰিম । নিবিড়ৰৰ মাক শুনিছানে বাৰু মনলৈ এনেকুৱা কথাবোৰে ভাহি উঠি আহিছিল চোৱাচোন আমাৰ নিবিড়-জিমিয়ে মা ভাত দিয়কচোন বুলি কওঁতেই খাব পায় কিন্তু এই লৰা-ছোৱালী হাললৈ চোৱাচোন এতিয়া কত কেনেকৈ কি খাব ,ছে: বৰ বেয়া লাগিল ।  নিয়ৰৰ কথাৰ নিৰ্মালীয়ে কয় ,হব দিয়ক এতিয়া হাত-ভৰি ধুই ভাত খোৱাহিছোন ভাত ঠাণ্ডা হবহি নহলে । নাই নাই ভাতকেইটা নিয়ৰৰ পেটলৈ যাবই পৰা নাই অনৱৰতে মাক মৰি যোৱা লৰা-ছোৱালী হালৰ কথাকেই ভাৱি মুৰঘোমোৱা হৈছে । নিয়ৰক এনে ভাৱি থকা দেখি  নিৰ্মালীয়ে আকৌ কয়,হব হব এতিয়া খোৱাহি! এইবোৰ চব ভগৱানৰ লিখন আমিনো কি কৰিব পাৰি । নিৰ্মালীৰ কথাত সি উচপ খায় কলে ,নাই নাই আমিওঁ পাৰি লৰা-ছোৱালী হালৰ কথা ,ভাৱিছো অনাথ আশ্ৰমতো ৰাখিব পাৰি ।কথাষাৰ বেয়া নহয় বুলি নিৰ্মালীয়ে নিয়ৰৰ কথাত হয়বৰ দিলে ।

                এনে সময়তে জিমি কান্দি কান্দি আহি দেউতাক কয় ,চোৱাহিচোন দেউতা দাদাই টিবিৰ ৰিমৰ্ট দিয়া নাই । হব বাৰু এতিয়া তুমি নাকান্দিবা মবাইলখন লোৱা ,এতিয়া হেপ্পী নে । এনেকৈ পাকঘৰৰ পৰা নিৰ্মালী উচ্চ স্বৰত মাত দি হাতত ভাতৰ থালি লৈ কয়,সেইবোৰ চব আপোনাৰ কাণ্ড সৰুৰে পৰা  এইবিলাক যকশ্যা দি এতিয়া নিজে পস্তাৱ লগীয়া হৈছে । এতিয়া চোৱা হেপ্পী মানে কি সেইটোকেই নাজানে নিবিড়ক কলো ,পাকঘৰৰ পৰা নিমখৰ বয়ামখন লৈ আনাছোন বুলি কওঁতে থৰ লাগি চায় মোক সুধিছে ,মা !পাকঘৰ মানে কি?...আপুনি যদি সিহঁতক এনেকৈ সকলো যকশ্যা দিয়া বিচৰা মতে পোৱা বস্তুবোৰ দিয়া পিছলৈ বহুত বিপদত পৰিব পাৰে । আপোনাৰ বাৰু শইকীয়া-শইকীয়ানী পুতেকৰ কথা মনত আছেনে?নিৰ্মালীৰ কথাত সি নিয়ৰে আপোচবিহীন ভাৱে কলে  কি কথা ,কতা তুমিটো মোক কোৱাই নাছিলা । আপুনিয়ো যে এইবোৰ কথা কি কবলগীয়া কথা নেকি? এই টাউন বান্টৌৰ সকলো মানুহেই জানে । পুতেকে হেনো মেত্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে পুতেকলৈ বাপেকে বাইক কিনি দিছিল  আৰু আজি একমাত্ৰ সন্তানকো হেৰুৱাই পেলালে । মোৰ এতিয়াৰ পৰাই ভয় লাগিছে এইবুলি নিয়ৰক কলে । মিছাতে তুমি এইবোৰ কথা ভাৱি আছা এইবুলি নিয়ৰে কলে।আচলতে এইবোৰ প্ৰথা আমাৰ সমাজত লাহে লাহে প্ৰতিষ্টিত হবলৈ লৈছে এনেকুৱাযেন লাগিছে মেত্ৰিক পাছ কৰাৰ পাছত কলেজত নাম ভৰ্তিৰ সলনি মটৰ চাইকেল হে কিনি দিব লাগিব।  বাৰু আমি চেষ্টা কৰিব লাগিব এইবোৰৰ পৰা দূৰত থাকিবলৈ । অহ এটা কথা বিহুত মা-দেউতালৈ কি লৈ যাবা আৰু এটা কথা তিল পিঠা আৰু চুঙা পিঠা বনাবলৈ আৰম্ভ কৰা । ঘৰলৈ যোৱা যদি পিঠা কেইটাই মেইন । দেউতা চহৰত পোৱা জিলেপিা,ৰসগোল্লা খায় বেয়া পায় ।বাপেকৰ এনে কথাত জিমিয়ে অনুসন্ধিৎচু বাবে সুধিলে।

দেউতা,ৱাট ইছ এ চুঙা পিঠা এণ্ড তিল পিঠা ?জিমিৰ এনেকুৱা কথাত নিয়ৰে কলে ,এই উত্তৰৰ বাবেইটো আমি তোমাৰ গ্ৰেণ্ডফাৰ ওচৰলৈ যাম ।দেউতাৰ কথাত জিমিয়ে কলে,অকে পাপা আৰু ইয়াৰ লগতে আকৌ জিমিক সুধিলে,অহ ৱাট টেক তু বেক তু য়ৰ গ্ৰেণ্ডফাদাৰ( অহ পিছে তুমি ককাৰ বাবে কি লৈ যোৱা)দেউতাকৰ কথাত জিমিয়ে কলে,আই ডন্ট নৌ। জিমিৰ এনে কথাত বৰ  সহুহৃত মনেৰে কলে ,তুমি ককালৈ বাতৰি কাকত লৈ যাবাহি ?জিমিৰ আকৌ প্ৰশ্ন,ৱাট ইছ বাতৰি কাকত ?এইবাৰ নিয়ৰে কলে কিযে হব নহয় ,বাতৰি কাকত  মিনচ নিউজ পেপাৰ ।অহ অহ বুলি জিমিয়ে কলে । সচাকৈ চোৱাচোন আধুনিকতাৰ পিছে পিছে দৌৰি আমি আমাৰ অসমীয়া ভাষা ,সংস্কৃতিক কিমান অৱহেলিত  কৰিছো । 

সময়বোৰ বোৰ ডেউকা কোৱাই যোৱাৰ দৰে যায় ,অথচ আমি ধৰি ৰাখিব নোৱাৰে । আজি বুধবাৰ  চন্দ্ৰপুৰৰ শালমৰা তিনিআলিত বিহুৰ বজাৰ। নিয়ৰেই ড্ৰাইবাৰ সিটো চিটত নিৰ্মালী আৰু পিছ চিটত  নিবিড় আৰু জিমি । গাড়ীটো ৰাস্তাৰ মাজেৰে পৰা হব পৰা নাই ,ওফ বিহুৰ বজাৰ বজাৰতেই বিহুৰ আনন্দ । বিহুলৈ মাথো তিনিদিন বাকী আছে ,গাৱঁৰ বজাৰত নোযোৱা নিয়ৰ চাকৰিৰ সময়চোৱাৰ পৰাই যোৱা হোৱা নাই আজি সি গাৱলৈ আহিছে বুলি গাৱঁৰ বজাৰত এপাক সোমাইছে গাৱঁৰ মানুহবোৰ নিয়ৰসহ পৰিয়ালক দেখি  বৰ আনন্দিত হৈছে । দুই এজন চিনাকী বেপাৰীয়ে অন্য এজন বেপাৰীৰ কাণত ফুচ-ফুচাই কৈছে ,অহ এইজন মুহীকান্ত চাৰৰ লৰা নিয়ৰ ,সি এতিয়া চহৰৰ বেংকৰ মেনেজাৰ । চোৱাচোন কিমান সহজ সৰল একদম মুহীকান্ত চাৰৰ তাত গৈছে দেই ।সিটো চহৰৰ পৰাওঁটো কাপোৰ বোৰ কিনি লৈ আহিব পাৰিলে হয়,চো‍ৱাচোন গাৱঁৰ মানুহবোৰৰ সৈতে কিমান চেনেহ ,চাৰৰ সংস্কাৰত মই মানিছো ,ইয়াকেইটো কয় বাপেক চাই পুতেক ।নিয়ৰসহ পৰিয়াল সিটো দোকানৰ পিছত ইটো দোকান পাৰ কৰাৰ পাছত  বাপুকনৰ দোকানত অলপ সময় ৰৈ কয়,বাপুকন খুৰা ভালনে ? নিয়ৰ সৰু কালৰে বাপুকনৰ গুগুনি বিক্ৰি কৰি আহিছে আৰু সি গুগুনি খাইয়েইটো শৈশৱৰ সময়বোৰ পাৰ কৰিছে  । আৰু সি আজি বাপুকনৰ হাতৰ পৰা গুগুনি বাৰু নাখাবনে ?ইয়াতেইটো মৰম-চেনেহবোৰ লুকাই আছে । 

                  সূৰ্য্য ককাইয়ো  শালমৰাবাসীক বিদায় মাগি পশ্চিমত ৰঙচুৱা হৈছেহি । বজাৰত পোৱা বস্তুবোৰ গাড়ীত ভৰাইছেহেি । নিয়ৰৰ পৰিয়ালসহ গাড়ীত উঠি গাৱঁৰ ঘৰৰপিনে মুৰ থোৱালে । নিয়ৰসহ পৰিয়াল বিহু বন্ধৰ দিনা গাৱঁৰ ঘৰলৈ যায়েই  আৰু যিদিনা গাৱঁলৈ খোজ দিয়ে নিয়ৰৰ মনে-প্ৰাণে সেউজীয়া হৈ পৰে । কিয়নো নপৰিব কাৰণ গাৱঁত মা-দেউতা আছে আজি নিয়ৰৰ বয়স সাতচল্লিছ বছৰ তথাপিয়ো  আই-পিতাইৰ মৰমৰ অভিহনে দুখীয়া । নিয়ৰে মতে পৃথিৱীত যদি তোমাৰ কাষত জনম দিয়া আই-পিতাই থাকে তেন্তে তোমাতকৈ আৰু এই পৃথিৱীত ধনী মানুহ নাই । সিদিনা পূজা বন্ধত আহিম বুলি কয় আহিব পৰা নাছিল ,কাৰণ পূজাসমুহ গাৱঁতকৈ চহৰেই বেছি ভাল কিন্তু চহৰতকৈ গাওঁৱেই বাপতি সাহোন বিহু কেইদিনবোৰত ।  জপনা মুখত কেৰাচিন তেলৰ লেম্প লৈ বৃদ্ধ বাপেকে নিয়ৰসহ বোৱাৰী আৰু নাতি-নাতিনীয়েকক আকৌ পোৱাৰ হেপাহেঁৰে ৰৈ আছে । সমুখত গাড়ীৰ পোহৰ শব্দ দেখি জপনা খুলি নিয়ৰৰ মাক মাত দিছে ,শুনিছেনে নিয়ৰৰ মাক ? সিহঁত আহিল । বৃদ্ধ মাক ঘৰৰ ভিতৰৰ পৰা লমালমেকৈ ওলাই আহিছে ,আজিয়ো মৰম একেই আছে তাহানিতে যেতিয়া স্কুলৰ পৰা নিয়ৰ আহিছিল ঠিক তেনেকৈ ওলোৱা আজিয়ো আছে।  চকুত তিৰ্ বিৰ নিয়ৰৰ শৈশৱৰ দিন মনত পৰি  আইৰ মৰমকেইটালৈ মনত পৰি । বৃদ্ধ বাপেকে নিবিড় আৰু জিমিক কোচত লৈ ঘৰৰ ভিতৰলৈ লৈ যায় ।  বোৱাৰীয়েকে মা-দেউতাৰ  ভৰি চুবলৈকেই সময় নিদিলে ।  কুৱলী নামিছে ঠাণ্ডা পৰিছে ,বিহুৰে আখৰা গাৱৰে সিটো চুকত ঢোলৰে শব্দ ,ঢোলৰ শব্দত  নিয়ৰৰ কেউ পীৰাতে বহি এপাক নাচি দিয়াৰ । সময়ক আজি ৰৈ দিবলৈ অনুৰোধ নিয়ৰৰ দেউতাকৰ লগত সময় নকটোৱা বহুদিনেই হ'ল আজিৰ এই নিশাতেই জানো সকলো কথা কয় জানো শেষ কৰিব । হাত মেলি  জুই পোৱাইছে ,কাষত চাকি জলিছে ,চাকিৰ পোহৰত বিহুৰ জহা চাউল বাচিছে নিৰ্মালীয়ে  । আইতাৰ কোলাত নিবিড়-জিমিয়ে আইতাৰ কথা শুনিছে  জোন-তৰাৰ কথা। মাজতে জিমিয়ে কথা এটা কলে ,আইতা আইতা এই চাকি ডালত কাৰেন্টেই নাই কেনেকৈ জ্বলিছেনো ? তাইৰ কথাত সকলোৱে হাহিঁলে আৰু ককাইয়ে কলে ,আকঁৰি চাকিত কাৰেন্ট নাথাকে নহয়? এই চাকিৰ ভিতৰত কাৰেন্ট হিচাপে কেৰাচিনে কাম কৰে । ককাকৰ কথাত নিবিড়ে নিয়ৰক কলেহি দেউতা দেউতা আমি ইয়াৰ পৰা যাওঁতে চাকি লৈ যামগে দেই ,ককা আপুনি মোক দি পঠিয়াব লাগিব কিন্তু ?হব হব পোনাকন যি মন যায় লৈ যাবাহি দেই ।  অহ তহঁতৰ টোপনি অহা নাইনে বুলি নিৰ্মালীয়ে কোৱাত জিমিয়ে কলে ,আজি নুশুওঁ ! আজি আপোনালোকে পিঠা বনোৱাটো চাম ।  হব বাৰু এইবুলি নিৰ্মালীয়ে কলে । 

                   পৃথিৱীৰ মানুহ শুৱাৰ দৰে শুব । প্ৰাৰ্থক্য মাথোন নগৰ আৰু চহৰ মাজত । যান্ৰিকতাৰ এলাৰ্মত জানো নিবিড় আৰু জিমিৰ কাইলৈ জানো সাৰ পাব ,সমস্ত সংসাৰৰ কথা ভাৱি নিয়ৰ শুইছে । সমুখত লেম্প জ্বলি  আছে ,লেম্পটোকে চায় মনত এটা কথাই ভাৱিছে নিবিড়ৰ লেম্পটো কেৰাচিন আছেনে ? নে তাত কাৰেন্ট আছে । মুখত আঙুলি থয় ভাৱি  গাৰোত মুৰ দিছে । নিবিড়ৰ টোপনি নহা দেখি মাকে কলে ,কি হল তোমাৰ টোপনি যোৱা নাইনে ? কত কিমান কথা পাতিলে লেম্প কি কেৰাচিন কি ? নিৰ্মালীয়ে লেম্প অফ কৰাৰ পিছতেহে টোপনিলৈ যাবলৈ চেষ্টা কৰিছে ।

             পিছদিনা নিবিড়-জিমিৰ ককায়েকে বস্তাত খেৰ লৈ বাৰীলৈ সোমাই গৈছে কাৰণ আজি বিহুৰে  উৰুকা । ককাঁয়েকে তামোল -চালিবোৰত খেৰৰ ৰচী বনাই তাত বন্ধা দেখি নিবিড় আৰু জিমিয়ে সোমাই গৈছে । ককাঁকৰ এনে কাম দেখি বস্তাৰ পৰা খেৰ উলিয়াই ৰছী বনাবলৈ চেষ্টা কৰিছে । নিবিড় আৰু জিমিৰ এনে কাম দেখি মুখ ব্ৰাছ কৰি চিঞৰিলে ,তহঁত দুটি পাৰিছেনে ককাঁৰ নিচিনাকৈ । কাৰণ ভোগালী বিহুত বাৰীত থকা গছ-গছনিবিলাক উৰুকাৰ দিনা খেৰৰ ৰছীৰে মালা পিন্ধালে হেনো ফলপ্ৰসুত বৃদ্ধি হয় ।  পথাৰত দুই-তিনিজন যুৱকে মেজি বনোৱাত ব্যস্ত ,চহৰৰ মানুহে কতনো চিনি পায়! বেছিকৈ আজিৰ যুগত উঠি অহা এচাম লৰা-ছোৱালী চিনিয়েই নাপায় সেয়ে ,সময় আটনী মিলাই নিবিড় আৰু জিমিক নিয়ৰে মেজি বনোৱা ঠাইলৈ লৈ আহিছে দেখুৱাব আৰু কব । এফালে মেজি আনফালে ভেলা ঘৰ । নিবিড় আৰু জিমি অবাক লাগি চাইয়েই থাকিল । সময়ৰ আৱেষ্টনীত বাৰু সেই মেজিবোৰ কিমান দিনলৈ চলিব ? তাকে মুৰ দুঙাই ঘৰলৈ উভিতছে নিবিড় আৰু জিমিক লৈ । কাইলৈ বিহু , আইতাৰ বাবে এযোৰ মুগা ,ব্লাউজ আৰু ককাৰ বাবে চুড়িয়া আৰু বনয়ন  । ৰাতি পুৱাই শুই উঠিয়েই মেজিৰ ওচৰত গৈ সেৱা কৰি ঘৰলৈ উভতি আহি ককাঁ-আইতাৰ চৰণ চুই সেৱা কৰিব । কাৰণ সেইবিলাইকেইটো শিকাইছে মুহীকান্তই নিয়ৰক আৰু সেয়া চলি থাকিব লাগিব ´ভৱিষ্যতেওঁ। চাওঁতে চাওঁতে বিহুৰে এসপ্তাহ নিবিড় আৰু জিমিৰ স্কুল খুলিবৰে হ'ল ইফালে নিয়ৰ বেংকৰ মেনেজাৰ ,মেনেজাৰ জনেই যদি বেংকত অনুপস্থিত হৈ থাকে কিবা জানো ভাল দেখিব বেংকখন। সেয়ে আজি ওৰেইটো ৰাতি মুহীকান্তই নিয়ৰৰ লগত কথা পাতিব আৰু জানো পাব কংক্ৰিটৰ হাবিখনত জীয়াই থকা মানুহ সিফালে অফিচ কামত জিৰণি পায় নে নাপায় , যেনিবা বিহু বুলি এসসপ্তাহলৈ বন্ধ পাইছে । ৰাতিটোৰ শেষৰ কথাত মুহীকান্তই নিয়ৰক কৈছিল শেষবাৰৰ বাবে ,সোণঘোষাই শুনিছানে ? তুমি মন কৰিবা ,তুমি এতিয়া ছবিখন তোমাৰ লৰা-ছোৱালীহালত আঁকিছাহে  ৰং কৰিবলৈ বহু বাকী আছেই ! এতিয়া তোমাৰ কথা লৰা-ছোৱালীক কেনেকৈ কি ৰং দিবা কত কেনেকৈ দিবা সেয়া তুমি নিজেই চাব লাগিব যেনেকৈ মই তোমাক সৰুতে কৈছিলো । বাৰু যিকিনহওঁক শুই দিয়া পুৱাতেই কাইলৈ যাবগৈ  লাগিব নহয় আৰু এটা কথা কাইলৈ সোণকালে উঠি সৰিয়হ থলিটো চায় থৈ যাবাগৈ ,সৰিয়হ বিলাকে বৰ ভাল পাব । সেইবুলি কয় মুহীকান্ত নিজৰ শুৱাপাটীলৈ গল। আৰু পিছদিনা নিয়ৰে সৰিয়হ থলিৰ এপাক ৰাউণ্ড মাৰি আহিছেগে আৰু সিফালে নিৰ্মালীয়ে বেগত কাপোৰবোৰ পেকিং কৰিছে । আৰু নিয়ৰ গা-ধুই ওলাইছেগৈ ,নিয়ৰৰ ওলোৱা দেখি চকুত তিৰবিৰাই গৈছিল  কাৰণ কেইদিনৰ মানৰ কাৰণে আকৌ পুতেকহতঁক আকৌ নাপাৱ বুলি দুখতে চকু সলসলীয়া হৈ পৰিছে । আটাইকেইজন সেৱা লৈ কয় ,মাক আপুনিয়ো যে আমি আকৌ আহিম নহয় ,বহাগ বিহুলৈনো কেইদিন আছে । সেয়ে কৈছিলো আপোনালোকেওঁ আমাৰ লগত আহঁক বুলি । মাকে চকুৰ পানী মচি মচি কয় হব হব বহাগ বিহুত আহিবাগে নহয় তেতিয়া আমিয়ো  ওলামগৈ,তাতঁ পায়েই মোক ফোন কৰিবা আৰু দেউতাৰাৰ বাবে এখন চিঠি । এতিয়া তহঁত যোৱাগৈ । এইবুলি কোৱাৰ পৰত আটাইবোৰ মানুহে গাড়ীত বহি চহৰৰ ঘৰলৈ গন্তব্য হয় ।।


অসম ইয়েৰ বুক কিনে যদি ,কিনিব পাৰিব



আমাৰ ইউটিউব বিডিঅ চাবলৈ


Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1