Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

পদূলিত "আলি-আয়ে-লৃগাং,তপন পায়েং,

পদূলিত "আলি-আয়ে-লৃগাং ,কাৰ্চাং তাকাৰ



ফাগুন অহাৰ কথা,শিমলু-মদাৰৰ শীৰে-শীৰে সেন্দুৰীয়া মুকুট । নৈ'ৰ কাষে কাষে থকা কঁহুৱাৰ লগতে নৈ'ৰ নাৱৰীয়াৰো উল্লাস কাৰণ আলি-আয়ে লৃগাং নিচেই কাষতে । কহুৱানিত থকা কঁহুৱাৰো দেহৰ লয়লাস ,অৱনৰি ,ৰঙানৈ'ৰ পাৰে  পাৰে  থকা কাংকান কায়ুমৰো সৰিয়হ ফুলৰ দৰে খিল-খিল হাঁহি আগন্তুক আলি-আয়ে-লৃগাঙৰ বতৰা পায় । এতিয়া মাথো গাৱঁৰ প্ৰতিটো  চুকে-কুনে  ঢোলৰে শব্দ  আকৌ কৰবাত সৰিয়হ মাটি মাহৰ তলিত ডেকা-গাভৰুৰ ঐনিতমৰ সুৰৰ জিঞ্জিৰি ।  লৃগাঙক কাষত পোৱাৰে কথা ,কিমান উল্লাস তেজৰ কোঁহে কোঁহে যেন এতিয়া গোমৰাগৰে  ঢৌ । ফাগুনৰ প্ৰথম বুধবাৰে  মিচিং জনগোষ্ঠীৰ উৎসৱ আলি-আয়ে-লৃগাং । লৃগাঙৰ এই দিনটোত 'লৃগগদ'কৰিব অৰ্থাৎ শস্য আলু-কচু বা বীজ সিচাৰ আৰম্ভণি কৰিব । এইবাবেইটো তিনি-চাৰিমাহ ধৰি হাবি-বননিৰ জাবৰ জোঁথৰ গোটাই দলি মাৰি সোণগুটিৰ তলিলৈ ৰূপান্তৰ কৰিছে । গাৱৰ ডেকা-আদহীয়াই  তলিয়ে-তলিয়ে নৰা-কাটি ,ঘৰে ঘৰে বাঁহ তুলি সাজিছে মুৰং ঘৰ । কাংকান -কায়ুমহতৰো পথাৰৰ লহ-পহকৈ বাঢ়ি অহা শস্য ডৰা ফাগুনৰ পচোৱা বতাহৰ দৰে হালি-জালিছে  বৃত্তাকাৰ হৈ শাৰী শাৰীয়ে  ঢোলৰ ছেৱে ছেৱে গোমৰাগ নৃত্যৰ আখৰাত।

পদূলিত "আলি-আয়ে-লৃগাং


নবৌহতৰ তাঁত-শালতো জাক-জমকীয়া ফুলৰ চানেকী,লগতে সমাহাৰিত হৈছে ৰিঃবিঃ গাছেং,গেৰঃ,মচাং এগে ,মিবু গালোক ,হৌৰকগ্(মাবলাৰ), গনৰঃ উগন,মৌৰপুং আদিৰো । এতিয়া হয়তো প্ৰশ্ন উঠিব নবৌৰ ননদ কাংকানে  তাঁত-শালত লগোৱা মাবলাৰ কোনজন য়ামে(ডেকা)লৈ লগাইছে? কাংকান হয়তো ভাৱি থৈছে,চেনাইক ,চেনাইক কেনেকুৱা ৰঙৰে মাবলাৰ পিন্ধাব ৰঙা নে সেউজীয়া ।  শিমলু  আৰু  পলাশ ফুলাৰ লগে লগে আলি-আয়ে-লৃগাঙৰ বতৰৰ আগমনৰ  উমান পায় ঘৰৰ বোৱাৰীৰ মনতো উখল-মাখল । দিনে-নিশাই প্ৰশ্ন নিজৰ মাজতেই ,আলহী-অতিথী আহিব,অতিথীক কি খুৱাম পুৰাং আপিন নে শুকান মাছ । মাঃম(নবৌ)ই বাকি দিয়া আপঙৰ নিচাত  ককাইদেউৱে মাতাল হৈ মাঃম(নবৌ)ৰ চকুলৈ চায় এফাঁকি ঐনিতম জুৰিবটো লাগিব অথবা ঘৰৰ বয়োজেষ্ঠ্যই  মাঃমৰ এবাতি চাইমদৰ ৰাগিতো আপোন-পাহৰা  হবতো লাগিব  এই  আলি-আয়ে-লৃগাঙত । এইবাবেইটো ভৰালৰ পৰা ধান বানি ধানৰ পৰা ওলোৱা  তুঁইগুৰিটো ফৰফৰীয়া চোতালত  জুই পুৰি ধান খেৰৰ  চাঁই  খিনি গুচাই আপং বনোৱাত লাগি পৰিছে ,কাৰণ আলি-আয়ে-লৃগাং নিচেই কাষত পালেহি । অম্বে(নেফাফু),তাকুক(ডিমৰু) আদিৰ কুঁহিপাত মেলাৰ দৰে মিচিং সকলৰ মনে-প্ৰাণে আনন্দৰ উল্লাস । শিমলু-পলাশৰ দৰে কনেঙৰো  হাতত লাকফুন(হাতফুল), খোপাতে মেৰিয়াই পৰিধান কৰা দুমফুন আদি সাজি নিজকে ন-ৰূপত সাজিলেহি কাৰণ প্ৰেমিক লৃগাং পদূলিত পালেগৈ । এতিয়া লৃগাঙক আদৰাত ব্যস্ত সৰ্বগনে 

        গোমৰাগ গোমৰাগ্ 

        কেকনৌলৌঃ গোমৰাগ্

         কেকনচৌঃ  গোমৰাগ্ ৰাগ্ ৰাগ্ ॥


কিনিব  পাৰিব আপুনি তলত দিয়া সামগ্ৰীবোৰ


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1