Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

শৈশৱৰ মোৰ স্বাধীনতা দিৱস◼কাৰ্চাং তাকাৰ(তপন পায়েং)

 *শৈশৱৰ মোৰ স্বাধীনতা দিৱস◼কাৰ্চাং তাকাৰ(তপন পায়েং)

শৈশৱৰ মোৰ স্বাধীনতা দিৱস◼কাৰ্চাং তাকাৰ(তপন পায়েং)


ইতিহাসে কয় আজিৰ দিনটোতেই আমি স্বাধীনতা পাইছিলো । দেশ আমাৰ গৌৰৱ,দেশৰ ৰাষ্ট্ৰীয় পতাকা আমাৰ স্বাভিমান ,কৰিম নহ'য় তৰিম এই ধ্বনিৰে ইংৰাজৰ বুকু কপাইছিল জাতিৰ পিতা মহাত্মা গান্ধী,নেহেৰু চাচাসহ শ্বহীদে  । শৈশৱৰ কথা ,শৈশৱৰ কথানো কিনো ক'ম শৈশৱৰ গুন্ধওঁ নৌ পোৱাই নাই গা'ৰ পৰা,ইফালে স্বাধীনতা দিৱসৰ কথা ,আপুনি জানেনে? পোন্ধৰ আগষ্ট বুলি ৰাতি ঘৰত শুবকেই পৰা নাছিলো ,কাৰ ঘৰত কি ফুল ফুলি আছে তগৰ নে কৰৱী । তগৰ ফুল ফুলিলেওঁ পিছে বৰমাই  ছিঙিব দিবনে ,বৰমাৰ ঘৰ ওচৰত বুলিয়েই হীৰেণ পাপৰিয়েই তগৰ ফুলপাহটি নিচিঙেটো ৰাতিটো তাৰেই কথা । কি ৰাতি কি টোপনি বাৱন চেকেণ্ডত গায় শেষ ৰাষ্ট্ৰীয় সংগীতৰ স্ব-আখৰা"জন-গণ মন অধিনায়ক জয় হে".॥ভূলকৈ গালে স্কুলত কেচা-বুট নাপাম ,এই অগণন কথাতেই ৰাতি মস্কিল টোপনিত ,,তাৰ মাজে মাজে ডিব্ৰুগড় ৰেডিঅত দেশপ্ৰেম মূলক নাট বোলো কৰবাত দেশৰক্ষী আৰু উগ্ৰপন্থীৰ বম-বাৰুদৰ খেল অথবা "হিন্দু দেশ কা আজাদী"নামৰ শীৰ্ষকৰে প্ৰচাৰ হোৱা স্বাধীনতাৰ প্ৰাকমূহুৰ্তৰ আন্দোলনৰ কথা  মঙ্গল পাণ্ডে ,মণিৰাম দেৱানৰ ফাচী দিয়া কাহিনীত  নীলিম চকুত সলসলীয়া ৰঙানদী বৈ যোৱা বিউতি-নন্দিতা বা'ৰ কথা ৰাতি জানো শুৱ পাৰি ,নে মনত ৰাখিব পাৰিব পাৰি "জন-গণ-মন"॥ তেতিয়া বুজা নাছিলো স্বাধীনতা কি ? যিদিনাৰ পৰা স্বাধীনতা বুজা হ'ল আমাক স্বাধীন দিয়া আই -পিতাইৰ কথা আমি জানো আখৰে আখৰে পালন কৰিছো, বোলো বেয়া বস্তু নাখাবা ক'তা আজিয়ো লুকাই লুকাই খাওঁ,স্বাধীনতাৰ অধিকাৰ দিছা তোমাক কিবা কোৱাৰ ?? বৰঞ্চ আজিয়ো স্বাধীনতাত ফুৰিছো,আসন কৰা কোনো ,সেয়ে মই আজাদ হিন্দু দেশ কি নিৱাসী...নুশুনো মই বাইক কম গতিত চলোৱাৰ কাৰো কথা,মই মৰিম মোৰ কথা ,মোৰ বাইক,মোৰ স্বাধীনতা যেতিয়াৰ পৰা সেই স্বাধীন খৰ্ব কৰিছা তেতিয়াৰ পৰাই আই-পিতাইৰ সূখৰ স্বাধীন দূখৰ পৰাধীন হৈ ৰ'ল ..,নুশুনো মই আইৰ কথা ৰাতি দেৰিলৈকে নাথাকিবা  বুলি কোৱা কথা আমাৰো অধিকাৰ আছে ,স্বাধীন আছে ছোৱালী হ'ল বুলিয়েই ঘৰত হাত বান্ধি থাকিবলৈ ,কেতিয়াবা  এই স্বাধীন দি চাবছোন আই-পিতাইক ...॥(ক্ৰমশ)


(বি:দ্ৰ:- ভূলবোৰ আঙুৰি দিয়ালৈকে অপেক্ষা কৰিম)



***স্বাধীনতা দিৱসৰ শুভেচ্ছা সদৌতিলৈ***

 জয় হিন্দ,ভাৰত মাতা কি জয়,..*




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1