Breaking Posts

6/trending/recent

Hot Widget

Type Here to Get Search Results !

Ads

মানুহ জীৱ-শ্ৰেষ্ট হিচাপে কিমান দূৰ সত্য,দৈনন্দিন বাৰ্তাত ,ltk college

 মানুহ জীৱ-শ্ৰেষ্ট হিচাপে কিমান দূৰ সত্য

পৃথিৱীত কীট-পতংগৰ পৰা ধৰি গৰু ছাগলী আদি প্ৰাণীবিলাকৰ ভিতৰত মানুহেই হৈছে জীৱ শ্ৰেষ্ট । কিতাপ - পত্ৰত তেনে বাক্যটোৰ প্ৰতি আমি চিনাকি নহয়নে ? বাৰু ! আমি মানুহ জীৱ শ্ৰেষ্ট হিচাপে কিমান দূৰ সত্য কেতিয়াবা ভাৱিছানে ? প্ৰকৃততে মানুহ  জীৱ শ্ৰেষ্টনে ? কিন্তু কিছুমান কাম-কাৰ্য্যসমুহক  নিৰীক্ষণ কৰি চালে আমি মানুহ হিচাপে তথা জীৱৰ ভিতৰত আমিয়েই জীৱ শ্ৰেষ্ট বুলি পৰিচয় দিবলে ঘিণ উপজে । কাৰণ মানৱ সমাজৰ এনে কিছুমান  কাৰ্য্যই বন্য-জীৱ জন্তুতকৈ হিংস্ৰ যেন বোধ কৰায় । যদি চাওঁ তেনে হিংস্ৰমুলক কামসমুহৰ উদাহৰণ হিচাপে বহুতো আছে যিটো আমি  লক্ষ্য কৰিলে নিজকে জীৱ শ্ৰেষ্ট বুলি কবলৈ লাজ পাব লগীয়া হয় । জন্তুৱে বুজে  আন জন্তুৰ পীড়াৰ কথা ,গৰু-ছাগলীৰো আছে মৰম-চেনেহ ।  তেন্তে মানুহে মানুহৰ কথা কিয় নুবুজে  ,মানুহে মানুহৰ  বাবে  কিয় নাভাৱে  ইমানেই অহংকাৰ নে নিজকে জীৱ শ্ৰেষ্ট বুলি ।ব্যক্তিগত স্বাৰ্থৰ বাবে হাবি-বননিৰ পৰা গছ-কাটি পেট পৰ্বতোৱা কৰাটোৱেই জীৱ শ্ৰেষ্ট নে ?  জীৱ শ্ৰেষ্ট হোৱাৰ বিশেষ নিদৰ্শন  আছেনে,  দেখোৱাব পাৰিবনে জীৱ শ্ৰেষ্ট হোৱাৰ বিশেষ গুণ  নে  মানৱ জাতিৰ সূৰ্য্যৰ দৰে নিজস্ব তাপ,পোহৰ আছে  অথবা গছ-গছনিৰ দৰে সূৰ্য্যৰ পোহৰত নিজেই নিজৰ খাদ্য প্ৰস্তুত কৰি লব পাৰিছেনে ? আমিচোন সদায় আনৰ ওপৰতেই নিৰ্ভৰশীল তাৰপিছতো কিহৰনো অহংকাৰ। অৱশ্যে বিজ্ঞান সন্মত বাবে কিছুমান মানসিক চিন্তা ধাৰাই মানুহক জীৱ শ্ৰেষ্ট বুলি প্ৰমাণিত কৰিছে সেয়া সত্য  ,মানি লৈছো । কিন্তু আমাৰ এনে কিছুমান  কাম - কাজেই জীৱ শ্ৰেষ্ট হিচাপে  ঘিণনীয়ৰ প্ৰতি ভাৱিবলৈ বাধ্য কৰিছেনে ? গতিকে আপুনিওঁ লাভ উঠাহক আপোনাৰ জীৱ শ্ৰেষ্ট হোৱাৰ ,প্ৰতি দিনে সৎ কাম কৰক  জননীৰ বাবে । ভাৱক মানুহে মানুহৰ বাবে । আপোনাৰ এনেই মহৎ  গুণেই জীৱৰ শ্ৰেষ্ট বুলি পৰিচয় দিব পৰাকৈ "আমিয়েই জীৱ শ্ৰেষ্ট মানুহ"  বুলি ।

নাম:- শ্ৰী তপন পায়েং
ঠিকনা:- লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়
জিলা :- লখিমপুৰ
ফোন-৬০০২০৭৬৮৮৬

মানুহ জীৱ-শ্ৰেষ্ট হিচাপে কিমান দূৰ সত্য

মানুহ জীৱ-শ্ৰেষ্ট হিচাপে কিমান দূৰ সত্য






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1

Ads Bottom

https://www.ekarsangtakar.com/search/label/Botany%20Question%20Paper?m=1